ETV Bharat / state

হাঁহ পালনেৰে স্বাৱলম্বিতা পিতা-পুত্ৰৰ... - etv_bharat_assam,

মৰিগাঁৱৰ এটা পৰিয়ালে হাঁহ পালনৰ জৰিয়তে মুকলি কৰিছে আত্মসংস্থাপনৰ পথ ৷

হাঁহ পালনেৰে স্বাৱলম্বিতা অৰ্জন পিতা-পুত্ৰৰ
author img

By

Published : Jul 7, 2019, 4:53 PM IST

মৰিগাঁও,7 জুলাইঃ মৰিগাঁৱৰ পূৰ্ণ ডেকা আৰু তেওঁৰ দুই শিক্ষিত পুত্ৰ অৰূপ আৰু অশোক ডেকাই হাঁহ ফাৰ্মৰ জৰিয়তে মুকলি কৰিছে আত্মসংস্থাপনৰ পথ ৷ অসমীয়া সমাজত হাঁহৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি পিতা-পুত্ৰ তিনিওৱে আৰম্ভ কৰিছে এই হাঁহৰ ব্যৱসায় ৷ পূৰ্ণ ডেকাৰ পৰিয়ালে পালন কৰিছে হোৱাইট কেপিন আৰু গল্ডেন- 365 নামৰ দুবিধ উন্নত প্ৰজাতিৰ হাঁহ । এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন...

হাঁহ পালনেৰে স্বাৱলম্বিতা অৰ্জন পিতা-পুত্ৰৰ

মৰিগাঁও,7 জুলাইঃ মৰিগাঁৱৰ পূৰ্ণ ডেকা আৰু তেওঁৰ দুই শিক্ষিত পুত্ৰ অৰূপ আৰু অশোক ডেকাই হাঁহ ফাৰ্মৰ জৰিয়তে মুকলি কৰিছে আত্মসংস্থাপনৰ পথ ৷ অসমীয়া সমাজত হাঁহৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি পিতা-পুত্ৰ তিনিওৱে আৰম্ভ কৰিছে এই হাঁহৰ ব্যৱসায় ৷ পূৰ্ণ ডেকাৰ পৰিয়ালে পালন কৰিছে হোৱাইট কেপিন আৰু গল্ডেন- 365 নামৰ দুবিধ উন্নত প্ৰজাতিৰ হাঁহ । এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন...

হাঁহ পালনেৰে স্বাৱলম্বিতা অৰ্জন পিতা-পুত্ৰৰ
Intro:ফকৰা যোজনাৰ পৰা গীতি সাহিত্য লৈ, আখলৰ পৰা আৰ্থসামাজিক লৈ অৱদান থকা এবিধ পক্ষী।এই পক্ষী পালনেৰে আত্মসংস্হাপনৰ পথ মুকলি পিতা পুত্ৰৰ।ক'ত কেনেকৈ এই সাংস্কৃতিক প্ৰতীকৰূপী পক্ষী পালনেৰে স্বনিয়োজনৰ বাট মুকলি কৰিছে এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন।


Body: " হাঁহ চোৰৰ পাখীয়েই সাক্ষী,কণা হাঁহক পতান দিয়াৰ পৰা পানীত হাঁহ নচৰা আপ্তবাক্যষাৰলৈ ব্যাপ্তিসামাজিক অৱদান থকা পক্ষী বিধ যে উপাৰ্জনৰ আহিলা হব পাৰে সেই কথা প্ৰতিপন্ন কৰিছে মৰিগাঁৱৰ নতুন বঙাল বড়ীৰ তিনি পিতা পুত্ৰই। এইয়া তাৰেই দৃশ্যাংশ। ঘৰৰ পাচফালে এই ফাৰ্মখনৰ জড়িয়তে সেই পথ মুকলি পূৰ্ণ ডেকা আৰু তেঁৱৰ দুই শিক্ষিত যুৱক অৰূপ আৰু অশোকৰ ।
সকলো অসমীয়াৰ চিৰপৰিচিত বগীহাঁহৰ জাকটোলৈ মন কৰক । সকলো অসমীয়াৰে প্ৰিয় মঙহৰূপে পৰিচিত এই হাঁহ। তাতে আকৌ বগী হাঁহ।ইয়াৰ কথাই বেলেগ।স্বভাৱ সুলভাৱে পেকপেকাই আছে। চাৰিমাহতে হৈছে লুডুৰপুডুৰ। মাঘবিহুৰ ভেলাঘৰৰ ভোজৰ পৰা বন্ধু বাৰ্থদে পাৰ্টিটোৰ কথা নকলোৱেবা।এবাৰ দেখিলে সকলো খাৱৰীয়া মানুহৰ জিভা পানী পৰি যাব খোজে। সেয়েচাগে বিহৱা গাভৰুৱে প্ৰিয়তমক বগীহাঁহ খাবৰ ইচ্ছা প্ৰকাশ কৰিছে কৰি গাইছে-
"খাব মনে গলে বগী হাঁহ এজনী চোবাব নোৱাৰা ঠৈং।
যাব মনে গলে পিলিঙা ডেকালৈ বাটত বগৰীৰ জেং।"
একেদৰে আন এফাঁকি বিহু নামত প্ৰেম ভালপোৱাৰ প্ৰতীক ৰূপে প্ৰতিফলিত হৈছে হাঁহ। সেয়েহে বিহুৱা ডেকাই গীত জুৰে-
" হাঁহে হৈ পৰিম গৈ তোমাৰে পুখুৰীত
ঐ পাৰ হৈ পৰিম গৈ ছালত---------।"
সঁচাকৈয়ে প্ৰেমৰ প্ৰতীক হলেও অসমীয়াৰ আখলত কোমোৰা -হাঁহ, মাটিমাহ-পাটীহাঁহ ৰ আঞ্জাখনৰ কথা কৈন অসমীয়া ই পাহৰিব পাৰে। হাঁহৰ এই চাহিদাৰ বাবেই পূৰ্ণ ডেকাৰ পৰিয়ালে পালন কৰিছে হোৱাইট কেপিন আৰু গল্ডেন- 365নামৰ দুবিধ উন্নত প্ৰজাতিৰ হাঁহ।হাঁহপালক পৰিয়াল টোৱে জানিব লৈ দিয়া মতে এইবিধ বগীহাঁহ ছয় সাত কিলো পয্যন্ত ওজন হয়। চাৰিমাহত হৈছে আঢ়ৈ,তিনি কিলো।বজাৰত পাইকাৰী দৰত বিক্ৰী কৰিছে ৫৫০-৬০০টকা লৈ। ধৰিলোৱা হল গড়ে প্ৰতিটো হাঁহ ৩০০ বিক্ৰী কৰিলে ৫৫০ টা হাঁহৰ মূল্য হয় ১,৬,৫০০০টকা।
byte:কৃষক পূৰ্ণ ডেকা।
আৰু এই হাঁহ বিক্ৰী কৰি পোৱা টকাৰে বছৰত ৩০০টা কণি দিয়া Golden -365 প্ৰজাতিৰ হাঁহৰ পোৱালি খিনি আনিছে। উল্লেখযোগ্য যে এই গল্ডেন ৩৬৫প্ৰজাতিৰ হাঁহবিধৰ পৰাও কণি বিক্ৰী কৰি মাহে কমেও গড়ে প্ৰতিটো কণিত নিম্নতম ৮টকাকৈ হলেও ১০,০০০পৰা ১২,০০০টকা উপাৰ্জনৰ লক্ষ্য স্হিৰ কৰি লৈছে হাঁহপালক পৰিয়ালটোৱে।byte:farmer.
মন কৰিব লগীয়া যে মাংস আৰু কণি পাৰা হাঁহৰ উপৰিও পূৰ্ণ ডেকাৰ ফাৰ্মত আছে ৰ্টাকি আৰু চাইনীজ মূৰ্গী।
হয় ইয়াকে কয় বোলে -
"হাহ চৰাই লুডুৰ পুডুৰ চোতালতে পানী।
অভাজনী পলাইগল ডিঙিত ফটাকানি।
অঠাৎ কষ্ট কৰিলে সকলোতে যে উপাৰ্জন কৰিব পাৰি তাকে পুনৰ এবাৰ সত্যত প্ৰমাণিত কৰিলে মৰিগাঁও নতুন বঙালবড়ীৰ ৰ এই পৰিয়াটোৱে। আহক আপুনি মইও চিন্তা কৰো আহক।



Conclusion:ratuldeka etv Bharat.morigaon.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.