মৰিগাঁও, 22 জুনঃ মৰিগাঁও জিলাৰ মায়ং ৰাজহ চক্ৰৰ তথা জাগীৰোড সমষ্টিৰ অন্তৰ্গত বৰদলনী, সাতসাপৰি, বহা পাহাৰ আদি গাঁৱৰ গাওঁবুঢ়া জনৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈ পৰিছে গাওঁবাসী ৷ চৰকাৰী গাঁওবুঢ়াজনৰ দুষ্ট চৰিত্ৰৰ কথা পোহৰলৈ আহিছে এটা ভিডিঅ' ভাইৰেল হোৱাৰ পাচত ৷ বিশ্বজিৎ চিকদাৰ নামৰ গাঁওবুঢ়াজনে এগৰাকী অকলশৰীয়া বিধৱা মহিলাক যৌন নিৰ্যাতন চলোৱাৰ দৃশ্য বন্দী হৈ ৰৈছিল cctv কেমেৰাত ৷ ভুক্তিভুগী মহিলা গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি তেওঁ অসহায় অৱস্থাৰ সুযোগ লৈ প্ৰায়েই তেওঁৰ ওপৰত চলাই আহিছিল যৌন নিৰ্যাতন ৷
অভিযোগ মতে, বিধৱা মহিলাগৰাকী অকলে থকাৰ সুযোগ লৈ বিশ্বজিৎ চিকদাৰে নিশা প্ৰৱেশ কৰে মহিলাগৰাকীৰ ঘৰত ৷ আৰু সুৰাৰ ৰাগীত মাতাল হৈ ভয় ভাবুকিৰে দৈনিক মহিলাগৰাকীৰ ওপৰত চলাই আহিছে এই জঘন্য অত্যাচাৰ ৷ এই তথ্য পোহৰলৈ অহাৰ পিছতে জাঙুৰ খাই উঠিছে গাঁওবাসী ৷
উল্লেখ্য যে, গাঁওবুঢ়া জনৰ বিৰুদ্ধে পূৰ্বই পৰাই উত্থাপিত হৈ আহিছিল বিভিন্ন অভিযোগ ৷ ক্ষমতাৰ অপব্যৱহাৰে চৰকাৰী ধন আত্মসাত, দৰিদ্ৰ লোকৰ বাবে আৱন্টিত চাউল চুৰি, সাধাৰণ লোকক বিনা কাৰণত মাৰধৰ, ৰাইজৰ দুৰ্ব্যৱহাৰ অভিযোগ আছে এইজন গাঁওবুঢ়াৰ বিৰুদ্ধে ৷ এই সম্পৰ্কে স্থানীয় লোকে কেবাবাৰো অভিযোগ দাখিল কৰিছে আৰক্ষীক । পিছে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই ৷
এতিয়া এই ভিডিঅ' ভাইৰেল হৈ পৰাৰ পাচত পুনৰ গাঁওবুঢ়া জনৰ বিৰুদ্ধে সৰব হৈ উঠিছে স্থানীয় ৰাইজ ৷ শীঘ্ৰেই গাঁওবুঢ়াজনক নিলম্বন কৰাৰ লগতে আইনী ব্যৱস্থা ল'বলৈ দাবী জনাইছে প্ৰশাসনক ৷
লগতে পঢ়কঃ হোম কোৱাৰেন্টাইন কৰা হ'ল বিধায়ক ৰূপজ্যোতি কুৰ্মীক