মৰিগাঁও, 6 জানুৱাৰী : বিগত 17 ডিচেম্বৰত অনুষ্ঠিত হৈছিল তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন ৷ নিৰ্বাচনৰ দুদিন পিছত অৰ্থাৎ 19 ডিচেম্বৰত ঘোষণা কৰা হৈছিল ফলাফল ৷ ফলাফল অনুসৰি, 36 খন আসনৰ ভিতৰত বিজেপিয়ে 33 খন আসনত জয়লাভ কৰি দখল কৰিছিল পৰিষদ ৷ বুধবাৰে এই পৰিষদৰ নৱ নিৰ্বাচিত প্ৰতিনিধিসকলে শপতগ্ৰহণ কৰি আনুষ্ঠানিকভাৱে পৰিষদৰ শাসনভাৰ গ্ৰহণ কৰিব ৷
উল্লেখ্য যে, এই কাৰ্যসূচীৰ অংশ হিচাপে মৰিগাঁৱৰ স্কুল খেলপথাৰত পুৱা 10 বজাত প্ৰতিনিধিসকল উপস্থিত হৈ পালন কৰিব বিজয় উৎসৱ ৷ তাৰপাছত 11 বজাত পবিতৰা প্ৰেক্ষাগৃহত প্ৰতিনিধিসকল একত্ৰিত হৈ শপতগ্ৰহণ কৰিব ৷ ইয়াৰ বাবে সৰ্বতোপ্ৰকাৰে সাজু হৈ উঠিছে মৰিগাঁও স্কুল খেলপথাৰৰ লগতে পবিতৰা প্ৰেক্ষাগৃহ ৷ কিন্তু পৰিষদৰ আকৰ্ষণীয় মুখ্য কাৰ্যবাহী সদস্যৰ আসনখন কোনে লাভ কৰিব সেয়া চূড়ান্ত হোৱা নাই ৷ তথাপিও কোঁৱৰ গাঁৱৰ পৰিষদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী জীৱন চন্দ্ৰ কোঁৱৰৰ নামটো চৰ্চাত আছে ৷