ETV Bharat / state

ক’ভিড প্ৰট’কল নামানি মৰিগাঁৱৰত ৰাজনৈতিক গণ সভা

author img

By

Published : Oct 4, 2020, 10:19 PM IST

Updated : Oct 5, 2020, 6:47 AM IST

ৰাজ্যৰ পৌৰ সভা, নিকায়,নিগম তথা বিটিএডিৰ নিৰ্বাচন স্থগিত ৰখাৰ সময়তেই মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে লৈছে এক নতুন পদক্ষেপ ৷ বৰ্তমানলৈ কংগ্ৰেছ দলৰ নৰোত্তম ডেকাৰ সমকক্ষ প্ৰাৰ্থীৰ সন্ধানত ব্যস্ত হৈ পৰিছে শাসকীয় দলটোৰ নেতা পালিনেতা ।

ক’ভিড প্ৰট’কল নামানি মৰিগাঁৱৰত ৰাজনৈতিক গণ সভা
ক’ভিড প্ৰট’কল নামানি মৰিগাঁৱৰত ৰাজনৈতিক গণ সভা

মৰিগাঁও, 4 অক্টোবৰ : সমষ্টি উদ্ধাৰত নামি পৰিছে শাসকীয় বিজেপি দলৰ বিধায়ক ৰমাকান্ত দেউৰী । উল্লেখ্য় যে, ৰাজ্যৰ পৌৰ সভা, নিকায়,নিগম তথা বিটিএডিৰ নিৰ্বাচন স্থগিত ৰখাৰ সময়তেই মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে লৈছে এক নতুন পদক্ষেপ ৷

স্বাস্থ্য বিভাগৰ ক’ভিড প্ৰট’কল ভাঙি এখনৰ পাচত আনখন নিৰ্বাচনী সভা অনুষ্ঠিত কৰি সৰ্বসাধাৰণৰ জীৱনক লৈ হেতালি মৰিগাঁৱত । বিগত সপ্তাহত তিৱা স্বায়ত্ব পৰিষদৰ মানিপুৰ পৰিষদীয় সমষ্টি ,মৰিগাঁও বিহুতলী বিধানসভাৰ সমষ্টিৰ ভিত্তিত বিশাল সাংগঠনিক সভা অনুষ্ঠিত কৰাৰ পিছত দেওবাৰে পুনৰ ক’ভিড প্ৰট’কল ভাঙি আন এখন ৰাজনৈতিক গণ সভাৰে ক’ভিড প্ৰট’কলৰ সকলো নীতি নিয়ম ভাঙি সাংগঠনিক সভা অনুষ্ঠিত কৰে ।

দেওবাৰে অনুষ্ঠিত 16-নং তিৱা স্বায়ত্ব পৰিষদৰ শ'লমাৰী সমষ্টিৰ গণ সভাত গাঁও পঞ্চায়ত খনৰ কেইবাগৰাকী আন দলৰ সদস্যই গেৰুৱা বাহিনীৰ টুপী আৰু মালা পিন্ধে । সম্প্ৰতি বিৰোধী দল কংগ্ৰেছৰ দখলত থকা পৰিষদীয় সমষ্টিটো শাসকীয় বিজেপি দলে আগন্তুক পৰিষদীয় নিৰ্বাচনত উদ্ধাৰৰ বাবে দেউৰী বাহিনীৰ নামি সাঙুৰ খাইছে যদিও বৰ্তমানলৈ কংগ্ৰেছ দলৰ নৰোত্তম ডেকাৰ সমকক্ষ প্ৰাৰ্থীৰ সন্ধানত ব্যস্ত হৈ পৰিছে শাসকীয় দলটোৰ নেতা পালিনেতা ।

লগতে পঢ়ক :ৰাহুল গান্ধীৰ নেতৃত্বত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ "খেতি বাচাও যাত্ৰা"

Last Updated : Oct 5, 2020, 6:47 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.