ETV Bharat / state

ঠায়ে-ঠায়ে মূল্যবৃদ্ধিৰ কথা স্বীকাৰ কৰিলে যোগানমন্ত্ৰীয়ে

author img

By

Published : Apr 9, 2020, 10:21 AM IST

মৰিগাঁৱৰ শেহতীয়া পৰিস্থিতি পৰিদৰ্শনৰ বাবে জিলাখনত উপস্থিত হয় যোগানমন্ত্ৰী ফণীভূষণ চৌধুৰী ৷ মূল্যবৃদ্ধি সন্দৰ্ভত মন্ত্ৰীগৰাকীৰ অসহায় মন্তব্য-"কৰবাত কৰবাত খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি হৈছে । মই অস্বীকাৰ নকৰো" ৷

morigaon supply minister reaction on increase price of goods
যোগানমন্ত্ৰীৰ মৰিগাঁও পৰিভ্ৰমণ

মৰিগাঁও,9 এপ্ৰিলঃ মৰিগাঁৱৰ পৰিস্থিতি সম্পৰ্কে বুজ লবলৈ বুধবাৰে জিলাখনত উপস্থিত হয় যোগানমন্ত্ৰী ফণীভূষণ চৌধুৰী ৷ লক ডাউনৰ গইনাৰে সৰ্বসাধাৰণ লোকক যাতে কোনো ব্যৱসায়ীয়ে লুণ্ঠন চলাব নোৱাৰে তাৰবাবে কঠোৰ স্থিতি গ্ৰহণৰ কথা উল্লেখ কৰে যোগানমন্ত্ৰী গৰাকীয়ে ৷ যদি কোনো লোকে এই বিষয়ে কোনো সম্ভেদ লাভ কৰে তেন্তে জিলাখনৰ যোগান বিভাগ,উপায়ুক্ত,স্থানীয় বিধায়ক বা আৰক্ষীক অৱগত কৰিব পাৰিব ৷

যোগানমন্ত্ৰীৰ মৰিগাঁও পৰিভ্ৰমণ

লগতে জিলাবাসীয়ে যাতে দৰকাৰী খাদ্য সামগ্ৰীৰ বেলিকা কোনো অসুবিধা নাপায় তাৰবাবে মৰিগাঁৱৰ ব্যৱসায়ীসকলৰ লগত যোগানমন্ত্ৰী চৌধুৰী আৰু মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় । জিলা উপায়ুক্তৰ সভাগৃহত অনুষ্ঠিত আলোচনাৰ পিছত সংবাদ মাধ্যমক সম্বোধন কৰে মন্ত্রী গৰাকীয়ে ৷ প্ৰায় এমাহৰ বাবে খাদ্য সামগ্ৰী মজুত থকা বুলি দাবী কৰে মন্ত্ৰীগৰাকীয়ে ৷ কিন্তু মূল্যবৃদ্ধিৰ কথা সম্পৰ্কে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত অকপট স্বীকাৰোক্তিৰে মন্ত্ৰী চৌধুৰীয়ে ৰাজ্যৰ একাংশ ঠাইত মূল্যবৃদ্ধি হোৱা বুলি প্ৰকাশ কৰে ৷

লগতে চাওকঃ খাদ্য সুৰক্ষা বিভাগে নিৰ্ধাৰিত কৰিলে শাক-পাচলিৰ দাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.