ETV Bharat / state

আধাৰ কাৰ্ড সংগ্ৰহৰ নামত উজাগৰী নিশা কটাইছে মৰিগাঁওবাসীয়ে - Morigaon residents spend sleepless night for collecting Aadhaar card

আধাৰ কাৰ্ড সংগ্ৰহৰ নামত সম্প্ৰতি কাৰ্যালয়ৰ বাৰাণ্ডাত উজাগৰী নিশা কটাবলগীয়া হৈছে মৰিগাঁৱৰ ভিন্ন প্ৰান্তৰ ৰাইজে ৷ তাৰ পাচতো আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে একাংশ লোক ৷

আধাৰ কাৰ্ড সংগ্ৰহৰ নামত উজাগৰী নিশা
আধাৰ কাৰ্ড সংগ্ৰহৰ নামত উজাগৰী নিশা
author img

By

Published : Sep 11, 2020, 6:02 PM IST

মৰিগাঁও, 11 ছেপ্তেম্বৰ: মৰিগাঁৱত আধাৰ কাৰ্ডৰ নামত হাৰাশাস্তি ভুগিবলগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজে ৷ আধাৰ কাৰ্ড সংগ্ৰহৰ নামত সম্প্ৰতি কাৰ্যালয়ৰ বাৰাণ্ডাত উজাগৰী নিশা কটাবলগীয়া হৈছে ৰাইজে ৷ তাৰ পাচতো আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে একাংশ লোক ৷ জিলা খনত এতিয়া ডেকাৰ পৰা বৃদ্ধলৈ সকলোৱে নামি পৰিছে আধাৰ কাৰ্ড সংগ্ৰহৰ অঘোষিত যুঁজ খনত ৷

আধাৰ কাৰ্ড সংগ্ৰহৰ নামত উজাগৰী নিশা কটাইছে মৰিগাঁওবাসীয়ে

খোৱা-বোৱা বাদ দিও সম্প্ৰতি ভূৰবন্ধা উন্নয়ন খণ্ডৰ সৰ্বসাধাৰণ ৰাইজে চৰকাৰী আঁচনি পোৱাৰ আশাৰে দিন-ৰাতি কটাইছে কাৰ্যালয়ৰ বাৰাণ্ডাত ৷ প্ৰধানমন্ত্ৰীৰ আবাস যোজনাৰ ঘৰ এটা পোৱাৰ আশাৰে প্ৰতিদিনেই শতাধিক ৰাইজে আধাৰ কাৰ্ড বনোৱাৰ নামত কাৰ্যালয়ৰ সন্মুখত হেতা-ওপৰা লগায় ৷ আধাৰ কাৰ্ড থাকিলেহে তেওঁলোকে পাব প্ৰধানমন্ত্ৰী আবাস যোজনাৰ এটা ঘৰ কিম্বা অৰুণোদয় আঁচনিৰ ধন ৷

লগতে পঢ়ক: গোৱালপাৰাত PMAY গৃহৰ নামত হিতাধিকাৰীৰ পৰা লয় ধন!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.