মৰিগাঁও, 13 জুনঃ মৰিগাঁৱৰ লাহৰীঘাটত যুৱকৰ কামনাৰ বলি হ'ল এগৰাকী কিশোৰী । ঘটনাৰ বিৱৰণী মতে মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ অৰ্ন্তগত বৰখাবল গাঁৱৰ আব্দুল মালেকৰ পুত্ৰ আমিনুল হকে কাষৰে গাঁৱৰ এগৰাকী নাবালিকাক ফুচুলাই ধৰ্ষণ কৰে ৷ অতিকে দুখীয়া পৰিয়ালৰ কিশোৰীগৰাকীৰ লগত হোৱা নিৰ্যাতনৰ ফলত বৰ্তমান 4 মাহৰ অন্তঃসত্বা কিশোৰাগৰাকী ৷
আনহাতে এই ঘটনা পোহৰলৈ অহাৰ পিচতে নাবালিকাৰ অভিভাৱকে বুধবাৰে লাহৰীঘাট আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে । আনহাতে ভুক্তভোগীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত লাহৰীঘাট থানাৰ আৰক্ষীয়ে ধৰ্ষণকাৰী আমিনুলক ইতিমধ্য গ্ৰেপ্তাৰ কৰে । আমিনুলৰ বিৰুদ্ধে লাহৰীঘাট আৰক্ষীয়ে ২৩১/২০১ নম্বৰত গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ড বিধি আইনৰ 376(2)(i)IPC pocso Act মতে মৰিগাওঁ জেললৈ প্ৰেৰণ কৰে।