মৰিগাঁও, 14 নৱেম্বৰ : মৰিগাঁৱত জনসংখ্যা সমাধান ন্য়াসৰ প্ৰশংসনীয় পদক্ষেপ । জনসংখ্যা বৃদ্ধিৰ হাৰ ৰোধৰ বাবে দুটা সন্তান নীতি বাবে স্বাক্ষৰ সংগ্ৰহৰে সজাগতা সৃষ্টি মৰিগাঁও বৰছলাত ৷ মৰিগাঁও বৰছলাত অনুষ্ঠিত এই কাৰ্যসূচীত বৰছলা অঞ্চলটোৰ সমাজ সেৱী ৰবিন বৰদলৈ,চতিন ডেকাৰ প্ৰমুখ্যে বহুকেইজন আগশাৰী সমাজসেৱী লোকে অংশ লয় । জিলা সমন্বয়ক পুলিন কাকতিয়ে সংস্থাটো তথা স্বাক্ষৰ অভিযানৰ লক্ষ্য উদ্দেশ্যে বিষয়ে দুটা সন্তান নীতিৰ বিষয়ে ব্যাখ্যা আগবঢ়াই । আনহাতে এই কাৰ্যসূচীতে ৰবিন বৰদলৈ আৰু চতিন ডেকাই এই কাৰ্যসূচীৰ সাৱলীলভাৱে ব্যাখ্যা দি আগন্তুক দিনত সংস্থাটোৱে ল'বলগা সকলো কাৰ্যসূচী সহযোগিতা তথা অংশগ্ৰহণ নিশ্চিত লক্ষ্য উদ্দেশ্যে ৰাইজক আহবান জনাই ।
লগতে পঢ়ক : ইটিভিৰ বাতৰিৰ প্ৰভাৱঃ এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ গছজোপাৰ চিকিৎসাৰ বাবে আগবাঢ়ি আহিল এজন লোক