ETV Bharat / state

মৰিগাঁৱত মজিয়াত বিচনা পাৰি চিকিৎসা ৰোগীক

author img

By

Published : Sep 25, 2019, 8:40 AM IST

Updated : Sep 25, 2019, 9:58 AM IST

চিকিৎসা সেৱাৰ বাবে পানীফালি মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ আহে যদিও এখন বিচনাৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে ৰোগীয়ে

মৰিগাঁৱত মজিয়াত বিচনা পাৰি চিকিৎসা ৰোগীক

মৰিগাঁও, 25 ছেপ্টেম্বৰঃ মৰিগাঁও অসামৰিক চিকিৎসালয়ত ৰোগীৰ হাহাকাৰ ৷ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ূষ হাজৰিকাৰ গৃহ জিলাৰ একমাত্ৰ চিকিৎসালয়খনত চিকিৎসা গ্ৰহণৰ বাবে নাই বিচনা ৷ যাৰ বাবে মজিয়াত বিচনা পাৰি চিকিৎসা গ্ৰহণ কৰিবলগীয়া হৈছে মৰিগাঁৱৰ বানাক্ৰান্ত ৰোগীয়ে ৷ উল্লেখ্য যে,ৰাজ্যত ভদীয়া বানৰ তাণ্ডৱলীলা অব্যাহত থকাৰ সময়তে মৰিগাঁৱৰ নদীকাষৰীয়া লাহৰীঘাট,ভূৰাগাঁও,মায়ং ৰাজহচক্ৰ তিনিটাত বানপানীৰ সমান্তৰাল ভাৱে জ্বৰ,মূৰৰ বিষ আৰু গ্ৰহণীৰোগত আক্ৰান্ত হৈছে বানাক্ৰান্ত ৰাইজ। চিকিৎসা সেৱাৰ বাবে পানীফালি মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ আহে যদিও এখন বিচনাৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে ৰোগীয়ে।

কেৱল বিচনাই নহয় ৷ অসামৰিক চিকিৎসালয়খনত সাধাৰণ বিভাগত বিদ্যুতৰ দুৰৱস্থা ৷ যাৰ বাবে ঘণ্টাৰ পাছত ঘণ্টা আন্ধাৰত ডুব গৈ থাকিবলগীয়া হয় চিকিৎসালয় খনৰ সাধাৰণ বিভাগৰ ৰোগীসকল। পিছে ৰোগীৰ এই অৱস্থাৰ প্ৰতি অলপো কাণসাৰ নাই মৰিগাঁৱৰ স্থানীয় বিধায়ক ৰমাকান্ত দেউৰীৰ । লগতে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী আৰু মৰিগাঁও জিলা যুটীয়া স্বাস্থ্য সঞ্চালকে সকলো দেখিও কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি অভিযোগ কৰে স্থানীয় তথা ৰোগীসকলে।

Intro:ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী পীয়ূষ হাজৰিকাৰ গৃহ জিলা মৰিগাঁৱত নিশাভাগত কেনেদৰে চলে চৰকাৰী অসামৰিক চিকিৎসালয়। নিশা হলেই ডুব যায় এন্ধাৰত। নচলে জেনেৰেটৰ,ৰোগীয়ে নাপায় বিচনা। এই সন্দৰ্ভত ইটিভি ভাৰতৰ এক প্ৰতিবেদন।

Body: ৰাজ্যত অব্যাহত আছে ভদীয়া বানৰ তাণ্ডৱলীলা।বিশেষকৈ মৰিগাঁও জিলাৰ নদীকাষৰীয়া লাহৰীঘাট,ভূৰাগাঁও,মায়ং ৰাজহচক্ৰ তিনিটাত বানপানীৰ সমান্তৰাল ভাৱে জ্বৰ,মূৰৰ বিষ আৰু গ্ৰহণীৰোগত আক্ৰান্ত হৈছে বানাক্ৰান্ত ৰাইজ। চিকিৎসা সেৱাৰ বাবে পানীফালি মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ আহে যদিও এখন বিচনাৰ কাৰণে হাহাকাৰ কৰিব লগীয়াত পৰিছে ৰোগীসকল।ফলত চিকিৎসালয়ৰ মজিয়াত বিচনাপাৰি চিকিৎসা গ্ৰহণ কৰিবলগীয়া হৈছে মৰিগাঁও বানাক্ৰান্ত ৰোগীসকল।byte:1, patients
কেৱল বিচনা যে নাই তেনে নহয়। জিলাখনৰ একমাত্ৰ অসামৰিক চিকিৎসা লয়ৰখনৰ সাধাৰণ বিভাগত সঘনাই চকু তিপিয়াই বিজুলী বাতিয়ে।পৰিপ্ৰেক্ষিতত মবাইল আৰু মমবাতি জ্বলাই ঘণ্টাৰ পাছত ঘণ্টা আন্ধাৰত ডুব গৈ থাকিব লগীয়া হয় চিকিৎসালয় খনৰ সাধাৰণ বিভাগৰ ৰোগীসকল। পিছে বানাক্ৰান্ত ৰোগীসকলৰ এই বিলাই-বিপৰ্ত্তিলৈ অলপো কানসাৰ নাই মৰিগাঁও স্হানীয় বিধায়ক ৰমাকান্ত দেউৰু । মৰটোপনিত মৰিগাঁও জিলা যুটীয়া স্বাস্হ্য সঞ্চালক বিভাগৰ।কাজেই প্ৰতি নিশা আন্ধাৰ আৰু অস্বাস্হ্যকৰ পৰিবেশতে থাকিবলগীয়া হৈছে জিলাখনৰ সাধাৰণ ৰোগীসকল।bytes:2, patients
হয় ,এইয়াই সোণোৱাল চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী পীয়ূষ হাজৰিকা মহোদয়ৰ গৃহ জিলাৰ মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ অতি পৰিচিত দৃশ্য‌ । মন্ত্ৰী ডাঙৰীয়া দিনৰ ভাগত চাদেন ভিজিত দি সস্তীয়া বাঃ বাঃ লোৱাৰ বিপৰীতে নিশা ভাগত আপোনাৰ গৃহজিলাৰ একমাত্ৰ মৰিগাঁও অসামৰিক চিকিৎসালয়ত দিব চাৰ্দেন ভিজিত।

Conclusion:ratul deka,etc Bharat.morigaon
Last Updated : Sep 25, 2019, 9:58 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.