ETV Bharat / state

Morigaon Murder update: পত্নীক হত্যা কৰি ধৰ্ষণৰ ৰূপ দিয়াৰ চেষ্টা; স্বামীৰ বিস্ফোৰক স্বীকাৰোক্তি - Morigaon Murder update

অভিযুক্ত পিংকু নাথ মৰিগাঁও আৰক্ষীৰ জালত ৷ পত্নীক হত্যাৰ স্বীকাৰ অভিযুক্ত পিংকু নাথৰ ৷ বিশ্বকৰ্মা পূজাৰ দিনা মৰিগাঁও পচতীয়াত সংঘটিত হৈছিল এই হত্যাকাণ্ড ৷

Morigaon Murder update
পত্নীক হত্যা কৰি স্বামীয়ে ৰূপ দিছিল দুৰ্বৃত্তই হত্যা কৰাৰ
author img

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 12:15 PM IST

মৰিগাঁও,23 ছেপ্টেম্বৰ : প্ৰায় 6 দিনৰ মাৰাথান জেৰাৰ অন্তত মৰিগাঁও আৰক্ষীয়ে আটক কৰিলে পত্নী হত্যাকাৰী পিংকু নাথক ৷ উল্লেখ্য যে বিগত বিশ্বকৰ্মা পূজাৰ নিশা মৰিগাঁও পচতীয়াৰ উষা চাৰিআলিৰ এটা ভাড়াঘৰত উদ্ধাৰ কৰা হৈছিল নিকিতা দেবী নামৰ এগৰাকী মহিলাৰ মৃতদেহ ৷ যাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছিল ৷

উল্লেখ্য যে, বিশ্বকৰ্মাৰ পূজাৰ দিনা নিকিতা দেৱীৰ আত্মীয়ই ভাড়াঘৰটোৰ ভিতৰতে উলংগ অৱস্থাত পৰি থকা দেখা পাইছিল ৷ কাষত আছিল আঘাতপ্ৰাপ্ত এমহীয়া সন্তানো ৷ তাৰ পাচতে স্থানীয় ৰাইজৰ তৎপৰতাত আৰক্ষীয়ে উদ্ধাৰ কৰিছিল নিকিতাৰ মৃতদেহ আৰু আহত শিশুটিক ৷

উক্ত দিনাই মৰিগাঁও জিলা আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই ঘটনাস্থলীত উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছিল ৷ প্ৰাথমিক তদন্ত হিচাপে মৃত নিকিতাৰ স্বামী পিংকুক সোধ-পোচৰ বাবে আটক কি ৰাখিছিল ৷ বিগত 18 ছেপ্টেম্বৰৰ পৰা 23 ছেপ্টেম্বৰলৈকে আৰক্ষীৰ জিম্মাত থকা পিংকুৱে সমগ্ৰ ঘটনাৰ কথা স্বীকাৰ কৰে ৷

অৱশেষত শনিবাৰে আৰক্ষী মাৰাথান জেৰাত বিস্ফোৰক স্বীকাৰোক্তি দিয়ে পিংকু নাথে ৷ ‘‘ সদ্যোজাত সন্তানৰ সন্মুখতে পত্নী নিকিতাক হত্যা কৰি ৰূপ দিছিল ধৰ্ষণ কৰি হত্যা কৰাৰ’’ এইদৰে আৰক্ষীৰ আগত পিংকু নাথে স্বীকাৰ কৰে বুলি জানিব পৰা গৈছে ৷

উল্লেখ্যে যে, মৰিগাঁও চিনেমা হ’লত নৈশ চকীদাৰৰ কাম কৰে পিংকু নাথে । ঘটনা নিশাও স্বামী নথকা অৱস্থাতে এই ঘটনা সংঘটিত হৈছে বুলি সন্দেহ কৰিছিল ৰাইজে ৷ কিন্তু ‘‘এশ গৰু মৰিলে বাঘৰো মৰণ ৷’’ অৱশেষত আজি গ্ৰেপ্তাৰ কৰা হ’ল অভিযুক্ত পিংকু নাথক ৷

লগতে পঢ়ক:Public agitation in Morigaon: মৰিগাঁৱত দুই ইটাভাটা মালিকৰ যুঁজত শ্ৰমিকৰ মৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.