মৰিগাঁও, 18 ছেপ্টেম্বৰ: দেওবাৰৰ দিনটোত ৰাজ্যবাসীয়ে মিলিজুলি অংশ ল’লে অমৃত বৃক্ষ আন্দোলনত ৷ 1 কোটি গছপুলি ৰোপনেৰে বিশ্ব অভিলেখ গঢ়াৰ লগতে অসমৰ সেউজ আৱৰণ বৃদ্ধিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ এক বিশেষ পদক্ষেপ ৷ আন আন জিলাৰ লগতে মৰিগাঁৱতো ৰাইজে সদলবলে অংশ ল’লে অমৃত বৃক্ষ আন্দোলনত ৷
মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত উলহ-মালহৰে অমৃত বৃক্ষ আন্দোলন কাৰ্যসূচীৰ অধীনত গছপুলি ৰোপণ কৰা হয় । ৰাজ্য চৰকাৰৰ নিৰ্দেশত দেওবাৰে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত অংগনবাড়ীৰ কৰ্মী-সহায়িকা, আশাকৰ্মী, শিক্ষক-কৰ্মচাৰীসকলে ৰাজ্যখনত বৃক্ষ অৰ্থনীতি সমৃদ্ধিশালী কৰি তুলিবলৈ আৰু সেউজ আৱৰণ বৃদ্ধিৰ কৰিবলৈ অমৃত বৃক্ষ আন্দোলনত অংশ লয় ৷ অসম চৰকাৰে গ্ৰহণ কৰা অমৃত বৃক্ষ আন্দোলনত মৰিগাঁও জিলাত দেওবাৰে বাণিজ্যিক চাহিদাসম্পন্ন গছপুলি ৰোপণ কৰা হয় ।
জিলাখনত অমৃত বৃক্ষ আন্দোলন কাৰ্যসূচীৰ অধীনত ১.৩৫ লাখ লোকে নাম পঞ্জীয়ন কৰিছিল । সেই অনুসৰি ২.৭১ লাখ গছপুলি ৰোপণৰ বাবে বিতৰণ কৰা হয় । জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই জিলাখনৰ ঔজাৰিত আত্মসহায়ক গোটৰ সদস্যসকলৰ সৈতে গছপুলি ৰোপণ কৰে । এই অভিযানৰ অধীনত সমগ্ৰ অসমতে ১ কোটি বাণিজ্যিক চাহিদাসম্পন্ন গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছিল ।
দেওবাৰে জিলাখনৰ ৮৫ টা গাঁও পঞ্চায়ত, আত্মসহায়ক গোটৰ সদস্য, আশা কৰ্মী, অংগনৱাড়ী কৰ্মী, শিক্ষানুষ্ঠান, আৰক্ষী, চাহ-বাগিচা, চৰকাৰী কৰ্মচাৰী, ধৰ্মীয় অনুষ্ঠানৰ সৈতে জড়িত লোক আৰু সাধাৰণ জনতাই পুৱাৰে পৰা আবেলিলৈ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ চৌহদ, ব্যক্তিগত আৱাস, পথ আৰু নৈৰ দাঁতি, মুকলি পথাৰ আদিত গছপুলি ৰোপণ কৰে ।
উল্লেখ্য যে, অমৃত বৃক্ষ আন্দোলন আঁচনিৰ অধীনত ৰোপণ কৰা গছপুলিৰ (জি.পি.এছ লোকেশ্যন আৰু সময়যুক্ত) ফটো অমৃত বৃক্ষ আন্দোলন ম’বাইল এপ বা পৰ্টেলত ২০ ছেপ্টেম্বৰৰ মাজনিশালৈকে আপলোড কৰিব পাৰিব ।
লগতে পঢ়ক : Amrit brikshya andolan:মৰিগাঁৱত অমৃত বৃক্ষ আন্দোলন উপলক্ষে ইতিমধ্যে তিনি লাখ পুলি বিতৰণ