ৰাজ্যত কেতবোৰ অঞ্চলত বাঢ়নিপানীয়ে কালৰূপ ধাৰণ কৰাৰ সময়তে অন্য কোনো কোনো অঞ্চলত আকৌ বাঢ়নি পানী পাই নাচি বাগি উঠিছে চহা ৰাইজ কিম্বা মাছমৰীয়া। কাৰণ বহু আশাৰ অন্তত সোমাইছে হেপাঁহৰ ন পানী.. মৎস্য চিকাৰৰ বাবে সাজু মৰিগাঁৱৰ মাছুৱৈসকল...সবিশেষ চাওঁক এই প্ৰতিবেদনত....
ন পানীৰ সোঁতে উপচাই তোলা পথাৰৰ বুকুত সপোন ৰচাত ব্যস্ত চহা ৰাইজ - পুঠি খলিহণা
জালখন লৈ খানটো মোকলাই কোনে প্ৰথমে জাল পাতিব... কাৰ প্ৰথমে মাছ লাগিব.. বাঢ়নী পানী বৈ থকা ঠাইত কিদৰে ভেটা দিব..খালৈয়ে খালৈয়ে কিমান উজানৰ পুঠি খলিহণা ধৰিব.. চহা জীৱনৰ ক'ত যে কি প্ৰতিযোগিতা
পথাৰৰ বুকুত সপোন ৰচাত ব্যস্ত চহা ৰাইজ
ৰাজ্যত কেতবোৰ অঞ্চলত বাঢ়নিপানীয়ে কালৰূপ ধাৰণ কৰাৰ সময়তে অন্য কোনো কোনো অঞ্চলত আকৌ বাঢ়নি পানী পাই নাচি বাগি উঠিছে চহা ৰাইজ কিম্বা মাছমৰীয়া। কাৰণ বহু আশাৰ অন্তত সোমাইছে হেপাঁহৰ ন পানী.. মৎস্য চিকাৰৰ বাবে সাজু মৰিগাঁৱৰ মাছুৱৈসকল...সবিশেষ চাওঁক এই প্ৰতিবেদনত....
Intro: ৰাজ্যত কেতবোৰ অঞ্চলত বাঢ়নিপানীয়ে জলাকলা খোওৱাৰ বিপৰীতে ৰাজ্যৰ আনকেতবোৰ অঞ্চলত আকৌ বাঢ়নি পানী পাই নাচি বাগি উঠিছে চহা কৃষক কিম্বা মাছমৰীয়া।পিছে কিয় এই বিপৰীত ছবি এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন।
Body: আষাঢ় মাহ । ন পানী । হয় আষাঢ় আৰু আষাঢ়ৰ ন পানী । কোন অসমীয়াই পাহৰিব পাৰে এই মধুৰ সম্পৰ্কৰ বিষয়ে। কব বিচাৰিছো আষাঢ়ৰ মহীয়া পথাৰত ন পানীৰে ন ন ঠাই বুৰাই পেলুৱা সেই সৰগীয় দৃশ্যৰ কথা। ল'ৰালিৰ বাবে সপোন সপোন এই পথাৰত প্ৰথম পানী সোমোৱা দৃশ্য। জাকৈ খালৈ, জাপাং,পচা, খৰালিজাল, চিপজাল কতনো বিধে বিধে মাছমাৰা হাঠিয়ালৈ বিলৰ পাৰ নাইবা পথাৰত হাজিৰ ল'ৰা-বুঢ়া। জালখন লৈ খানটো মোকলাই কোনে আগত জাল পাতিব মাছ লগাব পাৰি কত যে প্ৰতিযোগিতা। বাঢ়নী পানী বৈ থকা ঠাইত ভেটা দিব। খালৈয়ে খালৈয়ে উজানৰ পুঠি খলিহণা ধৰিব।
হেপাঁহ ন পানী আজি সোমাইছে।ন পানী পথাৰত ভৰি দিয়াৰ খবৰটোৱে কেৱল চহা ৰোৱনী সকলকে আনন্দিত নকৰে ।কবলৈ গলে আষাঢ়ৰ ন পানীৰে আশাৰ সঞ্চাৰ কৰে মাছূৱৈ সকলক। সেয়েহে পানী সোমাল কি নোসোমাল জাল পতাই জাল পাতিছে। ভেটা দিয়াই ভেটা দি উদৰ দৰে ভেটাৰখীয়া হৈ আছে।byte:1
চাওক বাৰিষা নপানী সোমোৱাৰ লগতে কেনেকৈ মৎস্য চিকাৰৰ বাবে বান আৰু মুছৰিজালৰে মৎস্য চিকাৰৰভেটা দিছে এইজন মৰিগাঁৱৰ মাছুৱৈয়ে।
কেৱল যে ভেটাৰখীয়া জনৰ মনত আনন্দ তেনে নহয় ।দৰাচলতে ন পানীত জাতপাতি মাছধৰিব পাই মুখত হাঁহি।byte:2
হয় ৰাজ্যৰ কোনো কোনো ঠাইত এই ন পানীয়ে কালৰুপ ধাৰণ কৰাৰ সময়তে মৰিগাঁৱৰ পথাৰত ন পানী মতলীয়া সকলো।সেয়ে মৎস্যচিকাৰ কৰি কোনোজনে যদি এভাজি পাইছে আন কোনোৱে কিলোৱে কিলোৱে পাইছে পুঠি খলিহণা,টিঙৰা। ইয়াতেই আনন্দ লভিছে।:byte:3
গ্ৰাম্যজীৱনৰ বুকুৰ কুটুম এই ন পানী। কাৰণ পথাৰত ন পানীৰ বাবে অপ্ৰেক্ষাৰত ধাননি ডৰা। অপ্ৰেক্ষাৰত গাঁৱৰ সহজ সৰল চহা ৰাইজ। অধীৰ আগ্ৰহেৰে ন পানী লৈ অহালৈ বাটচাই আছিল মৎস্য চিকাৰী কনাইমুচৰি বগলি বাই। সেয়েহে হেপাঁহ ন পাই দেউ দি দি থপিয়াই থপিয়াই মৎস্য চিকাৰত নামিছে।মানুহৰ লেখীয়াকৈ উজাই অহা মাছ মগৰক ধৰিবলৈ বেলা ডুবালৈ ন পানীত নাচিছে
। সচাকৈ ন পানী ন আমেজ।
Conclusion:Ratul deka.etvbharat.morigaon

Last Updated : Jul 1, 2019, 11:12 AM IST