মৰিগাঁও, 25 জুন : শনিবাৰে মৰিগাঁও চহৰৰ পবিতৰা হাটত আয়োজন কৰা হয় নাথ যোগীসকলৰ কাৰ্যনিৰ্বাহক সভা ৷ মৰিগাঁও জিলা যোগী সন্মিলনীৰ আতিথ্যত আয়োজিত অসম প্ৰাদেশিক যোগী সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত সভাপতিত্ব কৰে অসম প্ৰাদেশিক যোগী সন্মিলনীৰ সভাপতি ধীৰেন নাথে ৷ এই কাৰ্যনিৰ্বাহক সভাতে ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা সমষ্টি পুননিৰ্ধাৰণ সন্দৰ্ভত কেতবোৰ আলোচনা কৰে ৷
লগতে ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা খচৰাক আদৰণিও জনায় অসম প্ৰাদেশিক যোগী সন্মিলনীয়ে ৷ আনকি জনসংখ্যা আৰু ভৌগোলিক গাঁঠনিৰ প্ৰতি লক্ষ্য ৰাখি মৰিগাঁও বিধান সভা সমষ্টিটো অতি পুৰণি খিলঞ্জীয়া নাথ যোগী জনগোষ্ঠীয় লোকসকলৰ বাবে সংৰক্ষণ কৰিবলৈয়ো দাবী জনায় ।
সাংবাদিকৰে সৈতে হোৱা এক বাৰ্তালাপত অসম প্ৰাদেশিক যোগী সন্মিলনীৰ সভাপতি ধীৰেন নাথে কয়,‘‘অসমত প্ৰায় 42 লক্ষ নাথ-যোগী মানুহে বসবাস কৰে ৷ কিন্তু এই মানুহখিনি বিভিন্ন ক্ষেত্ৰত ৰাজ্যখনৰ প্ৰতি অৱদান থকাৰ পিচতো ভাৰবৰ্ষই স্বাধীনতা লাভ কৰা 75 বছৰত এই সম্প্ৰদায়টোৰ পৰা অসম বিধান সভালৈ আজিৰ তাৰিখলৈ নিৰ্বাচিত প্ৰতিনিধি মাত্ৰ 7 গৰাকীহে ৷ ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে এই নাথ যোগীসকল ৰাজনৈতিকভাৱে কিমান অনাদ্ৰিত তথা অৱহেলিত’’ ৷
আনহাতে, শনিবাৰে মৰিগাঁও পবিতৰা হাট প্ৰেক্ষাগৃহ আয়োজিত এই সভাৰ পৰাই বিজেপিৰ নেত্ৰী জোনালী নাথৰ কন্যাৰ অধ্যয়নৰ সম্পূৰ্ণ খৰচ চৰকাৰক বহন কৰিবলৈ দাবী জনায় অসম প্ৰাদেশিক যোগী সন্মিলনীয়ে ৷ উল্লেখ্য যে, অসম প্ৰাদেশিক যোগী সন্মিলনীৰ সাধাৰণ সম্পাদক ধৰ্ম নাথে এই অনুষ্ঠানটোৰ আঁত ধৰাৰ লগতে সভাৰ উদ্দেশ্যও ব্যাখ্যা কৰে ৷
উক্ত সভাখনত অসম প্ৰাদেশিক যোগী সন্মিলনীৰ কাৰ্যকৰী সভাপতি অমূল্য নাথ, উপদেষ্টা প্ৰশান্ত নাথ, নাথ যোগী উন্নয়ন পৰিষদৰ অধ্যক্ষ বেণুধৰ নাথ, নাথ সাহিত্য পৰিষদৰ সম্পাদক হিৰণ্য কুমাৰ নাথ, যোগী সন্মিলনীৰ প্ৰচাৰ উপ-সমিতিৰ সভাপতি বুলন চন্দ্ৰ নাথ, যুৱ পৰিষদৰ সম্পাদক কমল নাথকে আদি কৰি বিভিন্নজন বক্তাই নাথ যোগী লোকসকলৰ সমস্যাৰ ওপৰত বক্তব্য আগবঢ়ায় ।
লগতে পঢ়ক : Constituency Delimitation 2023: সুৰাৰ বিপনীয়ে অসমীয়াক সুৰক্ষিত কৰিব নেকি প্ৰশ্ন ভূপেন বৰাৰ