ETV Bharat / state

'সহায়' স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত মৰিগাঁৱত সমূহীয়া বিবাহ অনুষ্ঠান - 200 যোৰা দৰা কইনা

'সহায়' স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত মৰিগাঁৱত, 200 যোৰা দৰা কইনাই একেলগে, একেখন ৰভাৰ তলিত হোমৰ জুইক সাক্ষী কৰি পিন্ধিলে বৰমালা ৷

'সহায়' স্বেচ্ছাসেৱী সংগঠন
'সহায়' স্বেচ্ছাসেৱী সংগঠন
author img

By

Published : Jan 30, 2020, 4:05 AM IST

মৰিগাঁও, 29 জানুৱাৰীঃ মৰিগাঁৱত একেখন ৰভাৰ তলিত হোমৰ জুইক সাক্ষী কৰি বৰমালা পিন্ধিলে 200 যোৰা দৰা কইনাই ৷ মৰিগাঁৱৰ বাকৰি গাঁও সমূহীয়া খেলপথাৰত 'সহায়' নামৰ এটা স্বেচ্ছাসেৱী সংগঠনটোৱে অনুষ্ঠিত কৰিলে এই সমূহীয়া বিবাহ অনুষ্ঠান ৷ উল্লেখ্য যে, আৰ্থিক অভাৱৰ বাবে যুগ্ম জীৱনৰ পাতনি মেলা স্বত্বেও সামাজিক প্ৰথা অনুসৰি বিবাহ পাশত আবদ্ধ হ'ব নোৱাৰা লোকৰ বাবে সংগঠনটোৱে আয়োজন কৰিলে এই বিবাহ অনুষ্ঠান ৷ অনুষ্ঠানত দৰা কইনাৰ আত্মীয়কে ধৰি উপস্থিত থাকে সহস্ৰাধিক লোক ৷

মৰিগাঁৱত সমূহীয়া বিবাহ অনুষ্ঠান

লগতে পঢ়ক ঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানত বুধবাৰে পালন কৰা হ'ল বাগদেৱীৰ পূজা

Intro:মৰিগাঁৱত একেখন ৰভাৰ তলীত,একেকুৰা হোমৰ জুইক সাক্ষী কৰি বৰমাল্য পিন্ধি লে ২০০যোৰা দৰা কইনাই। মৰিগাঁৱত এই সমূহীয়াক লৈ আনন্দ উল্লাস ।২০০ যোৰা দৰা কইনাৰ শোভাযাত্ৰাই সকলোৱে দৃষ্টি আকৰ্ষণ কৰিলে বুধবাৰে । Body:মৰিগাঁৱত সমূহীয়া বিবাহ সম্পন্ন ।200 গৰাকী দৰা- কইনাই একেলগে হোমৰ গুৰিত বহিল একেখন ৰভাৰতলীত ।

এখন বিয়া বিশেষ বিয়া । ৰভা এখন। পুৰোহিত এজন। বেনপাৰ্টি এযোৰ।পিছে দৰা কইনা ২০০ যোৰ ।এইখন আছুতীয়া বিয়া সম্পন্ন হৈছে মৰিগাঁৱত । চাওক একেলগে হোমৰ গুৰিত 200 যোৰা দৰা কইনা বৰমাল্য পৰিধান কৰা সেই অপূৰ্ব দৃশ্য । উল্লেখযোগ্য যে মৰিগাঁৱৰ বাকৰি গাঁও সমূহীয়া খেলপথাৰত ''সহায়'' নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে অনুষ্ঠিত কৰিছে এই বিশেষ বিয়াখন।কাৰ্যতঃ আৰ্থিক অভাৱৰ বাবে যুগ্ম জীৱন পাতনি মেলাৰ পাছতো সামাজিক প্ৰথা মতে অগ্নিক সাক্ষী কৰি হাড়ষডাল শুচি কৰিব পৰা নাছিল,ঠিক তেনে সময়তে হোমক সাক্ষী কৰি বিয়া কৰাই দিলে এই সংগঠন টোৱে । পুৰোহিতৰ বেদধ্বনিত মুখৰিত হৈ উঠিল মৰিগাঁৱৰ আকাশ বতাহ।এই বিৰল বিয়াৰ দৃশ্য চাবলৈ ৰভাৰ তলিত উপস্থিত হল আত্মীয়- কুটুমকে ধৰি হাজাৰ- হাজাৰ লোক।বাদ পৰি নৰল দৰা- কইনাৰ ল'ৰা ছোৱালীও।মুঠতে হোমৰ জুইৰ আৰু ৰাইক সাক্ষী কৰি মৰিগাঁৱত জীৱন-মৰণৰ বাবে যুগ্ম হল এই 200 গৰাকী দৰা -কইনাই। এনেদৰে সমূহীয়া বিয়াত বহি মনত অপাৰ আনন্দ লভিলে দৰা কইনাই।

Byte:Raju mahanta.orgranizers comtt.President+
DoraConclusion:Ratuldeka etv Bharat morigaon
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.