ETV Bharat / state

মৰিগাঁৱত তিৱা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ - মুখ্যৰ্কাযবাহী সদস্য

মৰিগাঁৱত সদৌ তিৱা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু পাঁচ তিৱা জাতীয় সংগঠনৰ সহযোগত এক ঘন্টীয়া ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধৰে উত্তাল প্ৰতিবাদ। মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ।

Morigaon highway block tiwa sutdent union
মৰিগাঁৱত তিৱা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
author img

By

Published : Nov 4, 2020, 10:38 PM IST

মৰিগাঁও,4 নৱেম্বৰঃ মুখ্যমন্ত্ৰীৰ আগমনৰ প্ৰাকক্ষনত জাগীৰোডত সদৌ তিৱা ছাত্ৰ সন্থাৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ ৷ অসম ৰাজ্যিক ৰাজধানী ক্ষেত্ৰ উন্নয়ন প্ৰাধিকৰণ আইন ২০১৭ বাতিল কৰা, ষষ্ঠ অনুসূচী সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ সৈতে ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰা, তিৱা স্বায়ত্ব পৰিষদৰ পৰা বাদ পৰা ১২৪ খন তিৱা অধ্যুষিত গাঁৱক অতি শীঘ্ৰে অন্তভূক্ত কৰা, ট্ৰাইবেল বেল্ট আৰু ব্লকৰ সংশোধনী প্ৰক্ৰিয়া বন্ধ কৰা আৰু জনজাতি ভূমিপুত্ৰ সকলৰ দখলত থকা ভূমিৰ পট্টা প্ৰদান কৰাৰ দাবী তিৱা জাতীয় সংগঠন সমূহৰ ৷

Morigaon highway block tiwa sutdent union
মৰিগাঁৱত তিৱা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ

ইপিনে চৰকাৰ বিৰোধী শ্ল’গানেৰে ৰাজপথত উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে ৷ অৱৰোধ কাৰ্যসূচীত প্ৰায় সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰি ৰাজপথ উত্তাল কৰি তোলে ৷ ইফালে ৰাভা হাচং স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই নিজাববীয়াকৈ পদক্ষেপ লোৱাৰ দৰে মৰিগাঁৱৰ তিৱা জনগোষ্ঠীয় নেতা ৰমাকান্ত দেউৰী আৰু তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তাই তিৱা সকলৰ হৈ লোৱা নাই কোনো ব্যৱস্থা ৷ সেয়ে দুয়োগৰাকী নেতাক সকিয়নী প্ৰদান কৰে সদৌ তিৱা ছাত্ৰ সন্থাই ৷

উল্লেখ্যযোগ্য যে, বুধবাৰে জাগীৰোডত বিজেপিৰ কাৰ্যকৰ্তা সন্মিলন আৰু মৈত্ৰী আঁচনিৰ অধীনত নৱনিৰ্মিত আৰক্ষী থানাৰ ভৱন উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ তাৰ পূৰ্বেই তিৱা জাতীয় সংগঠন সমূহে সাব্যস্ত কৰিছে পথ অৱৰোধৰ কাৰ্যসূচী ৷

লগতে পঢ়কঃ বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীৰ সংবাদমেল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.