ETV Bharat / state

মৰিগাঁৱত উদ্বেগজনকভাৱে বৃদ্ধি ক'ভিডৰ সংক্ৰমণ

author img

By

Published : May 23, 2021, 11:24 AM IST

মৰিগাঁৱত ক্ৰমান্বয়ে ভয়াৱহ হৈ পৰিছে ক'ভিড পৰিস্থিতি । শনিবাৰৰ দিনটোত জিলাখনত ২০৪ জন লোক মহামাৰীত আক্ৰান্ত হয় । বৰ্তমানলৈ জিলাখনত ৩,৮২৮ জনলৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা ।

corona virus
মৰিগাঁৱত উদ্বেগজনকভাৱে বৃদ্ধি ক'ভিডৰ সংক্ৰমণ

মৰিগাঁও,২৩ মে': অসমৰ প্ৰতিখন জিলাতে বৃদ্ধি পাইছে ক'ভিড-১৯ ৰ সংক্ৰমণৰ হাৰ । মৰিগাঁও জিলাত ৩,৮২৮ জনলৈ বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা । শনিবাৰে মৰিগাঁৱৰ বিভিন্ন ক'ভিড পৰীক্ষা কেন্দ্ৰত ৪,৯০৯ গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হয় । জিলাখনত শনিবাৰে ২০৪ জন লোকৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছৰ উপস্থিতি ।

যোৱা ১ এপ্ৰিলৰ পৰা জিলাখনত মুঠ ৭৬,৬৭০ গৰাকী লোকৰ ৰেপিড এণ্টিজেন পৰীক্ষা সম্পন্ন কৰা হৈছে । জিলা স্বাস্থ্য বিভাগৰ তথ্য মতে, শনিবাৰলৈকে মুঠ ২,০০৫ গৰাকীক ক'ভিড মুক্ত ঘোষণা কৰা হৈছে । যোৱা ২৪ ঘণ্টাত ৭৩ গৰাকী ৰোগীক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয় । জিলাখনত হোম আইচ'লেচনত থকা ৰোগীৰ সংখ্যা ৩,৩৯৯ জন আৰু চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ৰোগীৰ সংখ্যা ১৮৯ বুলি স্বাস্থ্য বিভাগৰ তৰফৰ পৰা জানিবলৈ দিছে । আনহাতে, জিলাখনত ১২ গৰাকী লোকৰ মৃত্যু হৈছে ।

লগতে পঢ়ক: নলবাৰীত শেহতীয়াকৈ ক’ভিডত আক্ৰান্ত ১২১ গৰাকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.