মৰিগাঁও,4নৱেম্বৰ: লাহৰীঘাটৰ গেৰুৱাত 'United Bodo People's organization'ৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত আয়োজিত ৰাজহুৱা সভাত উপস্থিত হয় বিপি এফ দলৰ ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী । নতুনকৈ গঠন হ'ব লগীয়া বড়ো, কছাৰী স্বায়ত্ব পৰিষদ সন্দৰ্ভত ৰাইজৰ সৈতে পৰ্যালোচনা কৰে সাংসদ গৰাকীয়ে ।
ইপিনে,২০২১ চনত বিপি এফ দলৰ বিজেপিৰ সৈতে মিত্ৰতা অক্ষুন্ন থাকিব নে নাই এই সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ কোনো উত্তৰ নিদিয়ে সাংসদ গৰাকীয়ে । বিটিছিত পুনৰ বিপি এফ দলে চৰকাৰ গঠন কৰাৰ সন্দৰ্ভতো কোনো স্পষ্ট মন্তব্য নিদিয়ে সাংসদ দৈমাৰীয়ে ।
অন্য এক খবৰৰ বাবে: সাংবাদিকৰ মহানুভৱতাঃ উদ্ধাৰ কৰিলে এগৰাকী বৃদ্ধাক