মৰিগাঁও, 28 ডিচেম্বৰ: প্ৰথমে প্ৰেমিকাক ধৰ্মান্তকৰণ তাৰ পাচত আদালতত বিবাহ সম্পন্ন পৰৱৰ্তী সময়ত কন্যাৰ অশ্লীল ভিডিঅ' আৰু ফ'টো ভাইৰেল কৰাৰ ভাবুকি যুৱতীগৰাকীৰ পৰিয়ালৈ...ঘটনাৰ স্থান মৰিগাঁৱৰ মৈৰাবাৰী ৷ যুৱতীগৰাকীৰ আত্মীয়ৰ ভাষ্য অনুসৰি ৰাজা দেৱনাথ ওৰফে আশ্ৰাফুল নামৰ এজন যুৱকে নিজকে হিন্দু বুলি পৰিচয় দি এগৰাকী হিন্দু যুৱতীৰে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰে ৷ ফলস্বৰূপে দুয়ো আদালতত পৰিয়ালৰ অলক্ষিতে গোপনে বিবাহ সম্পন্ন কৰি পলাই যায় ৷ পৰৱৰ্তী সময়ত যুৱকজনে যুৱতীৰ পিতৃক কন্যাৰ অশ্লীল ভিডিঅ' ভাইৰেল কৰাৰ ভাবুকি দি 5 লাখ দাবী কৰাৰ অভিযোগ উত্থাপন কৰে যুৱতীগৰাকীৰ পৰিয়ালে ৷ ইতিমধ্যে ভুক্তভোগী পৰিয়ালৰ অভিযোগ অনুসৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি যুৱতীগৰাকীক উদ্ধাৰ কৰে ৷ পাচত যুৱতীগৰাকীয়ে আদালতত সাক্ষী প্ৰদান কৰে ৷ ইয়াৰ বিপৰীতে পলাতক অৱস্থাত আছে আশ্ৰাফুল নামৰ 19 বছৰীয়া যুৱকজন ৷ উক্ত ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্য়াহত ...
লগতে পঢ়ক : তিনিচুকীয়াত আলফা স্বাধীনৰ সদস্যভৰ্তি অভিযান অব্যাহত