ETV Bharat / state

Morigaon News: মৰিগাঁৱত কৃত্ৰিম বান; কাণসাৰ নাই লোক নিৰ্মাণ বিভাগৰ - Morigaon artificial flood

এজাক বৰষুণৰ পাচতেই কৃত্ৰিম বানেৰে উপচি পৰে মৰিগাঁৱৰ ৩ আৰু ১১নং ৱাৰ্ড সংযোগী গড়কাপ্তানি পথ ৷ ফলত ব্যাপক সমস্যাৰ সন্মুখীন হ’ব লগা হয় স্থানীয় ৰাইজ ৷ পথটো মেৰামতি কৰাৰ ক্ষেত্ৰত লোক নিৰ্মাণ বিভাগে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৰাইজৰ ৷

Morigaon News
Morigaon News
author img

By

Published : Jun 17, 2023, 5:13 PM IST

মৰিগাঁৱত কৃত্ৰিম বান

মৰিগাঁও 17, জুন: ৰাজ্য চৰকাৰৰ উন্নয়নৰ শ্লোগানৰ বিপৰীতে মৰিগাঁও চহৰৰ মাজমজিয়াত উন্নয়নৰ ফোপোলা স্বৰূপ ৷ শাসনাধিষ্ঠ বিজেপি নেতৃত্বাধীন চৰকাৰৰ আশীৰ্বাদত জীয়াতু ভোগিছে মৰিগাঁও পৌৰসভাৰ ৩ আৰু ১১নং ৱাৰ্ডৰ বাসীন্দাসকলে । এই অভিযোগ উত্থাপন কৰি এতিয়া ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে ৷

মৰিগাঁও চহৰৰ মাজমজিয়া থকা সম্পৰ্ণ জৰাজীৰ্ণ হৈ পৰাৰ ফলত এজাক বৰষুণতে কদৰ্যময় হৈ পৰে ৷ কিন্তু ৩ আৰু ১১নং ৱাৰ্ড সংযোগী গড়কাপ্তানি পথছোৱা মেৰামতি কৰাৰ বাবে লোক নিৰ্মাণ বিভাগক বাৰে বাৰে অভিযোগ দিয়াৰ পাচতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷

যাৰ বাবে এতিয়া কৃত্ৰিম বানৰ কবলত পৰিছে ৩ নংৱাৰ্ড আৰু ১১নং ৱাৰ্ডৰ বিস্তীৰ্ণ অঞ্চল ৷ কেৱলত ইমানেই নহয়, কৃত্ৰিম বানৰ ফলত পথছোৱাত সঘনাই বিভিন্ন দুৰ্ঘটনা সংঘটিত হোৱাও দেখিবলৈ পোৱা গৈছে ৷ আহত হৈছে কণ কণ স্কুলীয়া ছাত্ৰী ৷ দৈনিক অহা যোৱা কৰা শ শ যাত্ৰীয়েও ব্যাপক সমস্যাৰ সন্মুখীন হৈ আহিছে ৷

সংশ্লিষ্ট ৱাৰ্ড দুটাৰ কমিছনাৰ দুগৰাকীয়ে পথটো নিৰ্মাণৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পাচতো সকলো প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনত পৰিণত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে ৷ ইফালে বিষয়টোৰ ক্ষেত্ৰত জিলা উপায়ুক্তক সদৰী কৰা পাচতো কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷

এতিয়া এই সমস্য়া সমাধন কৰাৰ ক্ষেত্ৰত লোক নিৰ্মাণ বিভাগ আৰু জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হে হ’ব লক্ষণীয় ৷ অন্যথা ভৰ বাৰিষাৰ সময়ত যাতায়তৰ ক্ষেত্ৰত আৰু অধিক সমস্যাৰ সন্মুখীন হ’ব স্থানীয় ৰাইজ ৷

লগতে পঢ়ক: ETV Interview: শ্ৰী ৰঘুপতিত বলিষ্ঠ অভিনয় কৰা প্ৰবীণ অভিনেতা অৰুণ নাথৰ সৈতে ইটিভি ভাৰতৰ সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.