মৰিগাঁও,9 ডিচেম্বৰ : ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দলৰ সমান্তৰালকৈ সদ্য গঠিত আঞ্চলিকতাবাদী দল অসম জাতীয় পৰিষদৰ নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে । ইয়াৰ অংশ ৰূপে বুধবাৰে মৰিগাঁও জিলা অসম জাতীয় পৰিষদৰ উদ্যোগত মৰিগাঁও গান্ধী ভৱন প্ৰেক্ষাগৃহত যোগদান সমাৰোহ আয়োজন কৰে । মৰিগাঁও জিলা আহবায়ক সমিতিৰ উদ্যোগত অনুষ্ঠিত এই যোগদান সমাৰোহত অসম গণ পৰিষদৰ সদ্য দলত্যাগী 21 খনকৈ আঞ্চলিক সমিতিয়ে আনুষ্ঠানিকভাৱে যোগদান কৰিলে অসম জাতীয় পৰিষদত।
জাতীয়তাবাদী নেতা বানী দাসৰ নেতৃত্বত বুধবাৰে কেইবাশতাধিক অসম গণ পৰিষদ, বিজেপি, কংগ্ৰেছ , প্ৰাক্তন ছাত্ৰ সন্থাৰ সদস্য সকলে যোগদান কৰে ৷ উল্লেখযোগ্য যে, এই যোগদান সমাৰোহত অংশ গ্ৰহণ কৰি অসম জাতীয় পৰিষদৰ মুখ্য আহবায়ক জগদীশ ভূঞাই আগন্তুক দিনত মৰিগাঁও জিলাৰ তিনিটা বিধান সভা সমষ্টিত শক্তিশালী ভাৱে প্ৰতিদ্বন্দতা আগবঢ়াব আৰু জয়ী হ’ব বুলি সদৰী কৰে ৷
লগতে লুৰিণ জ্যোতি গগৈক দললৈ আহি দলটোক নেতৃত্ব প্ৰদানৰে ৰাজ্যৰ আগবঢ়াই নিবলৈ মুকলি আহবান জনাই জগদীশ ভূঞাই । মনকৰিবলগীয়া যে, আগন্তুক 17 ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক অভিবৰ্তনতে আগন্তুক দিনৰ ৰাজনৈতিক কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি মত প্ৰকাশ কৰে জাতীয়তাবাদী নেতা জগদীশ ভূঞাই । আনহাতে বিশিষ্ট সাংস্কৃতিককৰ্মী তথা জাতীয়তাবাদী নেতা বানীদাস আজি অসম জাতীয় পৰিষদত আনুষ্ঠানিকভাৱে যোগদান কৰাৰপিছতেই দলটোক শক্তিশালী কৰাৰ বাবে দলে দিয়া দ্বায়িত্ব পালন কৰিব বুলি মন্তব্য কৰে ৷
লগতে পঢ়কঃ আঞ্চলিকতাবাদী পোছাক পিন্ধিলে উচ্চপদস্থ বিষয়া আৰু ছাত্ৰ নেতাই