মৰিগাঁও,15 জানুৱাৰীঃ মৰিগাঁওত আৰক্ষীৰ সফল অভিযান । মৰিগাঁও আৰক্ষীৰ জালত বুধবাৰে বন্দী হৈছে তিনি ডকাইত । ধৃত ডকাইত কেইজনৰ নাম ক্ৰমে বিকাশ কোঁৱৰ ওৰফে ভাইটী, বুলবুল হোছেইন আৰু নুৰ হোছেইন । সম্প্ৰতি মৰিগাঁও আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ৪৫৮/৩৮০ ধাৰাৰ অধীনত,২৭/২০২০ নং গোচৰৰ ভিত্তিত জেৰা অব্যাহত ৰাখিছে মৰিগাঁও আৰক্ষীয়ে ।
ঘটনাৰ বিৱৰণী মতে,মৰিগাঁও সদৰ আৰক্ষী থানা তথা চহৰখনৰ ১নং ৱাৰ্ডৰ বিহাৰী পট্টিৰ পদুমী মহন্তৰ ঘৰত বিগত ১১ জানুৱাৰীত ধৃত ডকাইত কেইজনে দিন-দুপৰতে লুটপাত চলাইছিল ৷ এই ডকাইতিৰ ঘটনাৰ পিছতে মৰিগাঁও আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰক্ষীৰ অভিযানকাৰী এটা দলে অভিযান চলাই ডকাইত কেইজনক মায়ং আৰক্ষী থানাৰ বুৰাবুৰীৰ পৰা গ্ৰেপ্তাৰ কৰে ৷ ধৃত ডকাইতকেইজনৰ পৰা এটা এল ই ডি টিভি,নগদ আঠ হাজাৰ টকা,ম’বাইলৰ লগতে অন্য সামগ্ৰী উদ্ধাৰ কৰা বুলি মৰিগাঁও আৰক্ষী থানাৰ পৰিদৰ্শক বিষয়া নেত্ৰকমল শইকীয়াই প্ৰকাশ কৰিছে ।
লগতে চাওকঃনিৰ্ভয়া দলবদ্ধ ধৰ্ষণকাৰীক ফাঁচী পূৰ্বে শুনোৱা হ'ব গৰুড় পুৰাণ