ETV Bharat / state

বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে সৰৱ মৰিগাঁও জিলা ছাত্ৰ সন্থা - সমষ্টিৰ উন্নয়নত স্থবিৰতা অনাৰ অভিযোগ

সংবাদ মেল সম্বোধন কৰি ৰমাকান্ত দেউৰীক নাৰী কেলেংকাৰীৰ সবিশেষ তথ্য সদৰী কৰিবলৈ প্ৰত্যাহ্বান জনাই ছাত্ৰ সন্থাই । অন্যথা তিনি দিনৰ ভিতৰত ৰাজহুৱা ক্ষমা খোজাৰ বাবে চৰম সীমা বান্ধি দিয়ে আছুৱে । ৰমাকান্ত দেউৰীৰ কাৰ্যকালত মৰিগাঁওৰ উন্নয়ন স্থবিৰ হৈ পৰাৰ অভিযোগ ৷ অল্পশিক্ষিত,অসমীয়াত এখন আবেদন লিখিব নজনা মানুহৰ কথাত আছুৱে প্ৰত্যুত্তৰ দিবলৈ আগ্ৰহী নহয় ৷

moeigaon aasu pressmet aginest rama kanta dewri
মৰিগাঁও জিলা ছাত্ৰ সন্থা সৰব বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে
author img

By

Published : Oct 3, 2020, 9:02 AM IST

মৰিগাঁও, 3 অক্টোবৰঃ সংঘাত বাঢ়িছে মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰী আৰু মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ । বুধবাৰে আৰু বৃহস্পতিবাৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে দুখন পৃথক পৃথক নিৰ্বাচনী সভাত ভাষণ প্ৰসংগত সদৌ অসম ছাত্ৰ সন্থাক দিনত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি ৰাতি ৰাতি বিধায়কৰ পৰা চান্দা লোৱা বুলি মৰিগাঁও জিলা ছাত্ৰ সংন্থাৰ বিৰুদ্ধে ৰাজহুৱাভাৱে অভিযোগ আনিছিল ৷ ইপিনে শুক্ৰবাৰে জিলা ছাত্ৰ সংন্থাৰ মুখ্য কাৰ্যালয়ত সংবাদ মেল সম্বোধন কৰি বিধায়ক ৰমাকান্ত দেউৰী উভতি ধৰি কয় যে, কোন ছাত্ৰ সংন্থাৰ কৰ্মী তথা বিষয়বৱীয়া দিনত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি ৰাতি ৰাতি বিধায়ক ৰমাকান্ত দেউৰীৰ পৰা চান্দা লয় সকলো নাম ঠিকনা সময় ৰাজহুৱা কৰক । অন্যথা তিনি দিনৰ ভিতৰত ৰাজহুৱা ভাৱে ক্ষমা খোজক ।

ইপিনে মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰীয়ে ছাত্ৰ সন্থাক চান্দা লোৱা বুলি সমালোচনা কৰাৰ অধিকাৰ নাই । কাৰণ শাসকীয় বিধায়ক ৰমাকান্ত দেউৰীয়ে সকলো বিভাগৰ পৰা 10% কমিচন লৈ,কমিচন ৰাজ চলোৱাটো ৰাজহুৱা অভিযোগ উত্থাপন হৈ আহিছে । আনহাতে মৰিগাঁও উন্নয়ন ক্ষেত্ৰত কৰা কামবোৰ নিজৰ পুত্ৰ,ভাগিন,ভতিজাক দি মৰিগাঁও সমষ্টিৰ উন্নয়নত স্থবিৰতা অনাৰ অভিযোগ উত্থাপন কৰে ছাত্ৰ সন্থাই ।

মৰিগাঁও জিলা ছাত্ৰ সন্থা সৰব বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে

উল্লেখযোগ্য যে, মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে টিকট নোপোৱাৰ সম্ভাৱনা প্ৰকট হোৱাত এনেদৰেই ছাত্ৰ সন্থাক সমালোচনা কৰি নাগপুৰ আৰু আৰএছএছৰ পৰা নিজৰ নম্বৰ বঢ়োৱা বাবে প্ৰয়াস কৰি ছাত্ৰ সন্থাক সমালোচনা কৰিছে বুলি উল্লেখ কৰে ছাত্ৰ সংগঠনটোৰ নেতৃত্বই ৷ লগতে তেঁওলোকে কয় যে, বিধায়ক ৰমাকান্ত দেউৰীয়ে আনৰ কথা ক’ব নালাগে । কেইমাহমান আগতে নাৰী কেলেংকাৰী সৈতে জড়িত হোৱা বাতৰিত বিৰুদ্ধে বিধায়ক গৰাকীয়ে মৰিগাঁও আৰক্ষী থানাত দিয়া গোচৰৰ ফৰেণচিক প্ৰতিবেদন কি হ’ল সেয়া ৰাজহুৱা কৰক বুলি প্ৰত্যাহ্বান জনায় ৷ অন্যথা ৰাজহুৱাভাৱে ক্ষমা খোজক তিনিদিনৰ ভিতৰত । ৰমাকান্ত দেউৰীক সমালোচনা কৰি ছাত্ৰ সন্থাই উল্লেখ কৰে যে, এজন অৰ্ধ শিক্ষিত তথা অসমীয়া ভাষাত এখন আবেদন লিখিব নজনা ৰমাকান্ত দেউৰীৰ কোৱা কথাৰ প্ৰত্যুত্তৰ দিবলৈ ছাত্ৰ সন্থা আগ্ৰহী নহয় বুলি উল্লেখ কৰে ৷

লগতে পঢ়কঃ তেজপুৰত নিৰ্মাণ হ’ব ৰাজ্যৰ তৃতীয়খন মিনি ফুড পাৰ্ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.