মৈৰাবাৰী, 5 জানুৱাৰীঃ "বৃহত্তৰ অসমীয়া জাতিৰ বৃহত্তম অংগ মিঞা জনগোষ্ঠীক টাৰ্গেট কৰি কোনো মন্তব্য নকৰিব ড0 হিমন্ত বিশ্ব শৰ্মা ৷" দেওবাৰে মৈৰাবাৰীত এখন সংবাদমেল সম্বোধন কৰি হিমন্ত বিশ্ব শৰ্মাই সকীয়নি প্ৰদান কৰে মিঞা পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদকে ৷ " চাচা, মামাৰ ভোট নালাগে ৷ চাচা, মামা সকল কোন সম্প্ৰদায়ৰ চিনাক্ত কৰিব লাগে ৷" জাগীৰোডৰ বিজেপিৰ শান্তি সমলত হিমন্ত বিশ্ব শৰ্মাই মিঞা পৰিষদকলৈ কৰা মন্তব্যৰ বাবে কেন্দ্ৰীয় সাংগঠনিক সম্পাদকগৰাকীয়ে মন্ত্ৰীগৰাকীক এনেধৰণৰ মন্তব্যৰ পৰা বিৰত থাকিবলৈ সকিয়াই দিয়ে ৷
ইয়াৰোপৰি সংবাদমেলত মিঞা পৰিষদৰ সদস্যই 2016 চনৰ পৰা মিঞা পৰিষদে নাগৰিকত্ব আইনৰ বিৰোধিতা কৰাৰ লগতে আজিও প্ৰতিবাদ কৰি আহিছে লগতে অনাগত দিনতো কৰি যাব কাৰণ মিঞা সকল অসমৰ খিলঞ্জীয়া ৷ যি সময়ত অসমৰ কলা,সংস্কৃতি, ভাষা বিপদত পৰিছে সেই সময়তেই মিঞা পৰিষদে অসমী আইৰ হৈ যুঁজ কৰিছে বুলিও মন্তব্য সংবাদ মেলত মন্তব্য কৰে ৷