ETV Bharat / state

জাগুনত বিদ্যুৎ বিভাগৰ মইমতালিৰ অভিযোগ - Jagun

বিগত কেইবামাহৰ পৰা জাগুন কাৰপংপুলি আৰু ফৰেষ্ট গাঁৱত বিদ্যুৎ বিভাগৰ কোনো লোকে মিটাৰ ৰিডিং কৰিব যোৱা নাছিল ৷ কিন্তু মাহৰ শেষত বিভাগে গ্ৰাহকলৈ বিল প্ৰেৰণ কৰিছিল ৷ সেই বিলৰ ভিত্তিতে মাচুল পৰিশোধ কৰি আহিছিল গাঁৱবাসীয়ে ৷ এমাহ পূৰ্বে বিদ্যুৎ বিভাগৰ লোক আহি মিটাৰ ৰিডিং কৰি যি মাচুল নিৰ্ধাৰণ কৰিলে, তাকে দেখি বিমোৰত পৰিছে ৰাইজ ৷

A_MRG_jagun-electricity-department-casualty
মাৰ্ঘেৰিটাৰ জাগুনত বিদ্যুৎ বিভাগৰ মইমতালি
author img

By

Published : Feb 23, 2021, 7:30 AM IST

মাৰ্ঘেৰিটা,23 ফেব্ৰুৱাৰী: তিনিচুকীয়াৰ মাৰ্ঘেৰিটা মহকুমাৰ জাগুনত স্পষ্ট ৰূপত বিদ্যুৎ বিভাগৰ চৰম গাফিলতি ৷ জাগুনৰ কাৰপংপুলি আৰু ফৰেষ্ট গাঁৱৰ ৰাইজৰ এমাহৰ বিদ্যুতৰ মাচুল আহিছে প্ৰায় 90,000 কৈও অধিক । কেৱল এঘৰতে নহয়, গাঁৱখনৰ প্ৰায় কেইটা পৰিয়ালৰে বিদ্যুতৰ মাচুলৰ ক্ষেত্ৰত দেখা দিছে এই বিসংগতি ৷

বিদ্যুতৰ বিলে হাৰাশাস্তি কৰিছে গ্ৰাহকক

ৰাইজে উল্লেখ কৰা অনুসৰি, বিগত কেইবামাহৰ পৰা জাগুন কাৰপংপুলি আৰু ফৰেষ্ট গাঁৱত বিদ্যুৎ বিভাগৰ কোনো লোকে মিটাৰ ৰিডিং কৰিব যোৱা নাছিল ৷ কিন্তু মাহৰ শেষত বিভাগে গ্ৰাহকলৈ বিল প্ৰেৰণ কৰিছিল ৷ সেই বিলৰ ভিত্তিতে মাচুল পৰিশোধ কৰি আহিছিল গাঁৱবাসীয়ে ৷ এমাহ পূৰ্বে বিদ্যুৎ বিভাগৰ লোক আহি মিটাৰ ৰিডিং কৰি যি মাচুল নিৰ্ধাৰণ কৰিলে, তাকে দেখি বিমোৰত পৰিছে ৰাইজ ৷

তাৎপৰ্যপূৰ্ণ বিষয়টো হল, একে গাঁৱৰে আন কেইটিমান পৰিয়ালৰ বিদ্যুতৰ মাচুলত হোৱা নাই কোনো ধৰণৰ সাল-সলনি । এতিয়া প্ৰশ্ন হয় কাৰ গাফিলতিৰ বাবে বিদ্যুত বিভাগটোত সৃষ্টি হৈছে এই বেমেজালি ৷ অথবা কাৰ মইমতালিৰে চলিছে এই মাচুল সংগ্ৰহ ৷ বিদ্যুত বিভাগৰ এনে গাফিলতিৰ বিষয়টোৰ সন্দৰ্ভত অসম চৰকাৰে পৰৱৰ্তী সময়ত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ’ব ৷

লগতে পঢ়ক- এজন জনপ্ৰতিনিধিৰ নূন্যতম যোগ্যতা কি হোৱা উচিত ?

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.