ETV Bharat / state

মৰিগাঁৱত যুৱতীক ধৰ্ষণঃ মুক্ত আকাশৰ তলত ধৰ্ষণকাৰী!

author img

By

Published : Sep 23, 2019, 8:46 AM IST

মানষিক বিকাৰগ্ৰস্ত যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগ ৷ অভিযুক্ত ধৰ্ষণকাৰীক আৰক্ষীয়ে আটক কৰাৰ পাচতো থানাৰ পৰা অভিযুক্তক কোনো আইনগত ব্যৱস্থা নোলোৱাকৈ যাবলৈ দিয়াৰ অভিযোগ ৷

মৰিগাঁৱত যুৱতীক ধৰ্ষণ

মৰিগাঁও, 23 ছেপ্টেম্বৰঃ মৰিগাঁও জিলাৰ লাহৰীঘাটত মানৱ সমাজক লজ্জানত কৰা এক ঘটনা পোহৰলৈ আহিছে ৷ বৰখাৱল গাঁৱৰ ৰিজাবুল নামৰ এজন যুৱকে এগৰাকী মানষিক বিকাৰগ্ৰস্ত যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

মৰিগাঁৱত যুৱতীক ধৰ্ষণ
সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাচতে যুৱতী গৰাকীৰ পৰিয়ালৰ লোকে অভিযুক্ত ৰিজাবুলৰ বিৰুদ্ধে লাহৰীঘাট আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছিল ৷ আৰু তেওঁলোকৰ গোচৰৰ ভিত্তিতে লাহৰীঘাট আৰক্ষীয়ে ৰিজাবুলক আটক কৰিছিল ৷ কিন্তু আৰক্ষীয়ে অভিযুক্ত ৰিজাবুলৰ বিৰুদ্ধে কোনো আইনগত ব্যৱস্থা নোলোৱাকৈয়ে তেওঁক আৰক্ষী থানাৰ পৰা যাবলৈ দিয়ে বুলি যুৱতী গৰাকীৰ পৰিয়ালৰ লোকে অভিযোগ তুলিছে ৷ তেওঁলোকৰ অভিযোগ অনুসৰি আৰক্ষী আৰু অভিযুক্ত গৰাকীৰ মাজত এক বৃহৎ অংকৰ ধনৰ লেন-দেন হৈছে যাৰ বাবে আৰক্ষীয়ে এনেদৰে অভিযুক্ত ৰিজাবুলক আৰক্ষী থানাৰ পৰা যাবলৈ দিয়ে ৷ ইয়াকে লৈ এতিয়া লাহৰীঘাটৰ ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ এতিয়া প্ৰশ্ন হয় সঁচাকৈ আৰক্ষী আৰু অভিযুক্ত ধৰ্ষণকাৰীৰ মাজত ধনৰ বুজা-বুজি হৈছিল নেকি ? সেয়া সময়ত গম পোৱা যাব ৷

Intro:লাহৰীঘাটত ধৰ্ষনৰ ঘটনাBody:মৰিগাঁৱৰ লাহৰীঘাট সংঘটিত হৈছে জঘন্য ধৰ্ষণ কাণ্ড

মানৱ সমাজক লজ্জানত কৰা এক জঘন্য ধৰ্ষণ কাণ্ডৰ কথা সম্প্ৰতি পোহৰলৈ আহিছে মৰিগাঁও জিলাৰ লাহৰীঘাটত।এগৰাকী মানষিক বিকাৰগ্ৰস্ত যুৱতীক উপয্যুপৰি কৰা ধৰ্ষন কাণ্ডই এতিয়া তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি কৰিছে মৰিগাঁও জিলাৰ লাহৰীঘাট।এই গৰাকী আনৰ ঘৰত খুজি মাগি খোৱা এগৰাকী মানসিক বিকাৰগ্ৰস্ত যুৱতীক বৰখাৱল গাঁৱৰ এইজন লম্পত চৰিত্ৰ ৰিজাবুলে কৰিছিল উপয্যুপৰি ধৰ্ষন।এই জঘন্য ঘটনাতো সংঘটিত হোৱাৰ পিছতেই যুৱতি গৰাকীৰ পৰিয়ালৰ লোকে জানিব পৰাত লাহৰীঘাট আৰক্ষী থানাত লম্পত ৰিজাবুলৰ বিৰুদ্ধে ৰুজু কৰিছিল এক গোচৰ।গোচৰৰ ভিত্তিত লাহৰীঘাট আৰক্ষীয়ে আটক কৰিছিল লম্পত ৰিজাবুলক।কিন্তু তাৰ পিছতেই লাহৰীঘাট আৰক্ষীয়ে লম্পত চৰিত্ৰৰ ৰিজাবুলক কোনো ধৰনৰ আইনগত ব্যৱস্থা নোলোৱাকৈ দিছিল এৰি।যাক লৈ আৰক্ষী আৰু ধৰ্ষণকাৰীৰ মাজত এক বৃহৎ অংকৰ ধন লেন-দেন হোৱা বুলি অভিযোগ তুলিছে যুৱতী গৰাকীৰ পৰিয়ালে।সঁচাকৈ আৰক্ষী আৰু ধৰ্ষণকাৰীৰ মাজত ধনৰ বুজা-বুজি হৈছিল নেকি? যাৰ বাবে নেকি এনে জঘন্য কাণ্ড কৰাৰ পাছতো আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে কোনো ব্যৱস্থা নলৈ বৰঞ্চ মুকলি মনে ঘুৰি ফুৰিব দিছে মুক্ত আকাশৰ তলত।যাক লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে লাহৰীঘাটৰ ৰাইজৰ মাজত।এতিয়া প্ৰশ্ন হয় সদায় ৰক্ষকৰ ভূমিকা পালন কৰি জনতাক ৰক্ষা দি অহা আৰক্ষীয়ে এই গৰাকী যুৱতীক প্ৰকৃত ন্যায় দিব পাৰিবনে?সেয়া পৰবৰ্তী সময়তহে লক্ষনীয় হব।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.