ETV Bharat / state

মৰিগাঁও আৰু বৰপেটা ৰোডত লক্ ডাউনৰ প্ৰতি সতৰ্ক আৰক্ষী প্ৰশাসন !

author img

By

Published : Mar 26, 2020, 8:48 AM IST

21দিনীয়া তলাবন্ধৰ প্ৰথমটো দিনত ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হ'ল মৰিগাঁও জিলা আৰু বৰপেটা ৰোডত ৷ কোনোধৰণৰ যাতে জনসমাগম নহয় তাৰ প্ৰতি বিশেষ নজৰ দিয়ে আৰক্ষী তথা জিলা প্ৰশাসনে

লক্ ডাউনত বৰপেটাৰোড আৰক্ষীয়ে ব্যাপক তৎপৰতা
মৰিগাঁও জিলাত তলাবন্ধৰ ব্যাপক প্ৰভাৱ

মৰিগাঁও, বৰপেটাৰোড, 26 মাৰ্চ : 21দিনীয়া তলাবন্ধৰ প্ৰথমটো দিনত ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হ'ল মৰিগাঁও জিলাত । বুধবাৰে পুৱাৰ পৰা সন্ধিয়ালৈ বাজি থাকিল ইখনৰ পাচত আন এখন আৰক্ষীৰ বাহনৰ চাইৰেণ । দিনে নিশাই ব্যস্ত হৈ পৰিছে মৰিগাঁও আৰক্ষী ৷ আনহাতে তলাবন্ধৰ মাজতে মৰিগাঁও অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ অৱস্থাৰ বুজ ল'লে স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীয়ুষ হাজৰিকাই । অৱশ্যে যথেষ্ট শান্তিপূৰ্ণভাৱেই লক্ ডাউন পালন কৰা দেখা গৈছে মৰিগাঁওবাসীয়ে ৷

মৰিগাঁও জিলাত তলাবন্ধৰ ব্যাপক প্ৰভাৱ

আনহাতে,কৰ’ণা ভাইৰাচৰ বাবে মঙলবাৰৰ পৰা আৰম্ভ হোৱা লক্ ডাউনত বৰপেটাৰোড আৰক্ষীয়ে ব্যাপক তৎপৰতা লোৱা পৰিলক্ষিত হৈছে ৷ বৰপেটাৰোড আৰক্ষীৰ সহযোগত বৰপেটা জিলা আৰক্ষীয়ে বুধবাৰে সন্ধিয়া বৰপেটাৰোডৰ গেলামাল দোকান সন্মুখত বগা ৰঙেৰে বৃত্ত বনাই দিয়ে ৷ বৃত্তৰ ভিতৰত থাকি সা-সামগ্ৰী ক্ৰয় কৰিবলৈ আহ্বান জনায় লোকসকলক৷ লগতে গ্ৰাহকক এক মিটাৰ দূৰত্বৰ পৰা শাৰী পাতি সা-সামগ্ৰী বিক্ৰী কৰিবলৈ আহ্বান জনায় বিক্ৰেতাসকলক ৷ এনে সতৰ্কতা অৱলম্বন কৰিলে এই ভয়ংকৰ ভাইৰাছ কৰ’ণাৰ পৰা হাত হাৰিব পৰা যাব বুলি কয় বৰপেটা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰুপম হাজৰিকাই ৷ ইপিনে বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱানন্দ দাসৰ নেতৃত্বত বৰপেটাৰোডৰ আৰক্ষীয়ে বিভিন্ন প্ৰান্তৰ গেলামাল দোকান, ফাৰ্মাচী আৰু ৰন্ধন গেছ ক্ৰয় কৰাৰ সময়তো শাৰী পাতি দুৰত্ব বৰ্তাই ৰাখিবলৈ আহ্বান জনায় ৷ এনে সতৰ্কতাৰ ফলত কৰ’ণা ভাইৰাছৰ পৰা ৰক্ষা পোৱাত সহায়ক হব বুলি মন্তব্য কৰি সকলোকে এনে সজাগতা আনিবলৈ আহ্বান জনায় ৷

লক্ ডাউনত বৰপেটাৰোড আৰক্ষীৰ ব্যাপক তৎপৰতা

লগতে পঢ়ক : COVID-19: এজন যুৱকক লৈ বিপাঙত ভৰলুমুখ আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.