ETV Bharat / state

চিকিৎসক অবিহনে পৰিচালিত মৰিগাঁৱৰ বানপীড়িত অঞ্চলৰ চিকিৎসালয় - মৰিগাওঁ

কাৰ্যত চিকিৎসক অবিহনে চলিছে ৰাজ্যৰ প্ৰভাৱশালী নেতা পীয়ুষ হাজৰিকাৰ গৃহ জিলা মৰিগাঁৱৰ একাংশ চিকিৎসালয় ৷ বানত প্লাৱিত চিকিৎসালয়লৈ ৰোগীয়ে আহি লাভ কৰা নাই চিকিৎসকৰ চিকিৎসা ৷

চিকিৎসক অবিহনে পৰিচালিত মৰিগাঁৱৰ বানপীড়িত অঞ্চলৰ চিকিৎসালয়
author img

By

Published : Sep 22, 2019, 4:47 PM IST

মৰিগাওঁ,22 ছেপ্টেম্বৰঃমৰিগাঁৱৰ একাংশ চিকিৎসালয়ত অৰাজক পৰিস্থিতিয়ে বিৰাজ কৰা পৰিলক্ষিত হৈছে ৷ জিলাখনৰ লাহৰীঘাট বিধানসভা সমষ্টিত অব্যাহত ভদীয়া বানৰ তাণ্ডৱৰ মাজত চিকিৎসকৰ অভাৱত প্ৰাথমিক চিকিৎসাৰ বাবে দুৰ্ভোগ ভুগিব লগীয়া হৈছে অঞ্চলটোৰ বানপীড়িত ৰাইজে ৷ সমষ্টিটোৰ অন্তৰ্গত বৃহত্তৰ কুশতলী অঞ্চলটোত ভদীয়া বানে অঞ্চলবাসী ৰাইজক বাৰুকৈয়ে ক্ষতিগ্ৰস্ত কৰাৰ লগতে প্ৰভাৱিত কৰিছে চিকিৎসা সেৱা ৷ অঞ্চলটোৰ কুশতলী প্ৰাথমিক চিকিৎসালয়খনৰ চৌপাশ ভদীয়া বানে প্লাৱিত কৰাত চিকিৎসাৰ বাবে ৰোগীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ অঞ্চলবাসী ৰাইজৰ এই দুখ-দুৰ্দশা চৰকাৰী কৰ্তৃপক্ষই কিদৰে গুৰুত্ব প্ৰদান কৰে সেয়াহে লক্ষণীয় হ'ব ৷

Intro:ৰাজ্য চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী গৃহ জিলা মৰিগাঁৱত একাধিক চিকিৎসালয়ত চিকিৎসক অবিহনেই চলিছে চিকিৎসা।কম্প্ৰাউণ্ডেই চলাইছে চিকিৎসালয়।ৰোগীৰ মাজত হাহাকাৰ ।সুখনিদ্ৰাত স্বাস্থ্য বিভাগ । Body:ৰাজ্যৰ চৰকাৰৰ প্ৰভাৱশালী স্বাস্থ্যমন্ত্ৰী পীয়ূষ হাজৰিকাৰ গৃহজিলা মৰিগাঁৱৰ গ্ৰাম্যাঞ্চলত কেনেদৰে চলিছে চৰকাৰী চিকিৎসালয় সমূহ। বিশেষকৈ চিকিৎসালয়ত একাংশ চিকিৎসক উপস্থিত নথকাৰ বাবে সততে দাবী ধমকিৰে সৰব হৈ থকা স্বাস্থ্য মন্ত্ৰীজনৰ দায়িত্বত থকা লাহৰীঘাট বিধান সভা সমষ্টি ত স্বাস্থ্য সেৱাৰ নামত চলা স্বাস্থ্য বিভাগৰ প্ৰহসন ছবিখন দেখুৱাম আজি। এফালে ভদীয়া বানৰ তাণ্ডৱ আনফালে স্বাস্থ্যমন্ত্ৰীৰ চৰম উদাসীনতা ।চিকিৎসালয়ত নাই চিকিৎসক হাহাকাৰ বানপীড়িত ৰাইজ।
এই দৃশ্য মৰিগাঁৱৰ লাহৰীঘাটৰ অঞ্চলৰ বৃহত্তৰ কুশতলীৰ। ভদীয়া বানে পুনৰ হাহাকাৰ লগাইছে বৃহত্তৰ নদীকাষৰীয়া তথা গৰাখহনীয়াগ্ৰস্ত অঞ্চলবাসীক।বানপীড়িত অঞ্চলটোৰ এইখন কুশতলি নতুন প্ৰাথমিক চিকিৎসালয়।চিকিৎসালয়খনৰ চৌপাশে এতিয়া ভৰি পৰিছে বাঢ়নী পানী। বানপানীৰ মাজেৰে আহি চিকিৎসালয়খনত উপস্থিত হৈছে দৈনিক বহু ৰোগী।পিছে ৰোগী আহে আৰু যায়,বোন্দাপৰ দি থাকিও নাপাই চিকিৎসকৰ চিকিৎসা।উল্লেখ্য যে বানপীড়িত অঞ্চলটোৰ এই চিকিৎসালয়খনত যোৱা পাঁচ -ছমাহ ধৰি নাই চিকিৎসক,নাই নাৰ্চ।চিকিৎসালয়খন চলাই আছে একমাত্ৰ ফাৰ্মাচিষ্ট গৰাকীয়ে।চিকিৎসকৰ অনুপস্থিতিত হাহাকাৰ বানপীড়িত অঞ্চলবাসী। চিকিৎসালয়খনত চিকিৎস - নাৰ্চ নিয়োগ কৰিবলৈ আহ্বান জনালে ৰোগী সকলেও।
Bytes(3) - ৰোগী।
এতিয়া প্ৰশ্ন হৈছে অঞ্চলৰ বাসীৰ এই আহবান মন্ত্ৰী পীয়ূষ হাজৰিকাৰ স্বাস্থ্য বিভাগে কিমান গুৰুত্বপ্ৰদান কৰে সেয়া হব লক্ষ্যণীয় ।Conclusion:ratul deka.etvbharat.morigaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.