ETV Bharat / state

বস্তাবাবা নহয়, এইবাৰ লাও বাবা : কিন্তু ক’ত ?

author img

By

Published : Jan 27, 2021, 8:18 PM IST

অন্ধ-বিশ্বাস, কুৃ-সংস্কাৰৰ বলি হৈ অসমকে আদি কৰি দেশৰ বিভিন্ন স্থানত বহু লোকে প্ৰাণ হেৰুৱাব লগীয়া হৈছে ৷ তৎসত্তেও আমাৰ সমাজৰ পৰা অন্ধ-বিশ্বাস, কু-সংস্কাৰ সমূহ আঁতৰাবলৈ চৰকাৰেও শিক্ষা, সজাগতা অনুষ্ঠান আদিৰ জৰিয়তে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷

lahorighat-lao-baba-story
লাহৰীঘাটত লাও বাবাৰ আশীষ লবলৈ ৰাইজৰ ভিৰ, আহিল বিজ্ঞান শিক্ষকো

ডিং, 27 জানুৱাৰী : অন্ধ-বিশ্বাস, কু-সংস্কাৰৰ বলি হৈ অসমকে আদি কৰি দেশৰ বিভিন্ন স্থানত বহু লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে ৷ আমাৰ সমাজৰ পৰা অন্ধ-বিশ্বাস, কু-সংস্কাৰ সমূহ আঁতৰাবলৈ চৰকাৰেও শিক্ষা, সজাগতা অনুষ্ঠান আদিৰ জৰিয়তে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ তদুপৰি সংবাদ মাধ্যম, সমাজৰ সচেতন লোক, স্বেচ্ছাসেৱী সংস্থা আদিয়েও সমাজত প্ৰচলিত অন্ধ বিশ্বাসৰ কৱলৰ পৰা জনসাধাৰণক আঁতৰাই সুস্থ সমাজ গঢ় দিয়াৰ প্ৰয়াস কৰি আহিছে ৷

কিন্তু তাৰ পাছতো অসমৰ একাংশ স্থানত এতিয়াও একাংশ লোকে অন্ধবিশ্বাস- কু-সংস্কাৰক প্ৰশ্ৰয় দিয়া পৰিলক্ষিত হৈছে ৷ তাৰে এক উদাহৰণ হৈছে মৰিগাঁও জিলাৰ লাহৰীঘাটত আৱিৰ্ভাৱ হোৱা লাও বাবা ৷ লাহৰীঘাটৰ টেঙাগুৰি বজাৰত আঁহত গছৰ তলত বহি এতিয়া বিভিন্ন বেমাৰৰ চিকিৎসা কৰিছে হাবিবুৰ ৰহমান নামৰ এজন লোকে ৷ পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৭ বজালৈকে বাবাই ৰোগীক চিকিৎসা কৰাৰ বাবে বান্ধি দিছে সময়সূচী ৷ অৱশ্যে একাংশই লোকজনক মানসিক বিকাৰগ্ৰস্ত বুলি জানিবলৈ দিছে ৷

বিজ্ঞান আৰু চিকিৎসা ব্যৱস্থাই যিটো সময়ত মানৱ সমাজক আগুৱাই লৈ গৈ আছে, তেনে সময়ত কেৱল অন্ধ বিশ্বাসৰ বলি হৈ এনেদৰে লাও বাবাৰ ওচৰলৈ চিকিৎসাৰ বাবে ঢাপলি মেলিছে বহু লোকে ৷ আচৰ্যকৰ কথা যে, এইজন লাও বাবাৰ ওচৰলৈ আশীৰ্বাদ বিচাৰি আহিছে বিজ্ঞানৰ শিক্ষকো ৷ আনহাতে লাও বাবা নামৰ লোকজনৰ ওচৰত অহা একাংশ লোকে বাবাৰ পৰা চিকিৎসা গ্ৰহণ কৰাৰ পাছত তাৎক্ষণিক ভাৱে ফলাফল পোৱা বুলিও উদ্ভত দাবী কৰিছে ৷

এইখিনিতে উল্লেখ কৰা উচিত যে, শেহতীয়াকৈ অসম চৰকাৰৰ তথ্য অনুসৰি 2011-19 বৰ্ষৰ এই সময়চোৱাত অন্ধবিশ্বাসৰ লগত জড়িত ডাইনী হত্যাৰ ঘটনাত 107 জনকৈ লোকৰ মৃত্যু হৈছে ৷

লগতে পঢ়ক : ২০২৪ লৈ উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ক্ষমতা বৃদ্ধিৰ লক্ষ্য়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.