ETV Bharat / state

অখিল গগৈৰ মুক্তিৰ দাবীত মৰিগাঁৱত উত্তাল প্ৰতিবাদ

author img

By

Published : Nov 21, 2020, 7:54 AM IST

কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত পুনৰ উত্তাল হয় মৰিগাঁৱৰ ভূৰাগাঁও অঞ্চল ৷ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে গ্ৰহণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী ৷ চৰকাৰক কৃষক নেতাজনৰ মুক্তিৰ বাবে 3 দিনৰ সময়সীমাও বান্ধি দিলে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ভূৰাগাঁৱৰ নেতৃত্বই ৷

kmss protest at morigaon
অখিল গগৈৰ মুক্তিৰ দাবীত মৰিগাঁৱত উত্তাল প্ৰতিবাদ

মৰিগাঁও, 21 নৱেম্বৰঃ ৰাজ্যত বৰ্তমানেও কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্য়াহত আছে ৷ সমান্তৰালভাৱে সামাজিক মাধ্যমতো ভিন্নজনে প্ৰায় 11 মাহে দুখী সাব্যস্ত নোহোৱাকৈয়ে কাৰাবন্দিত্বৰ দিন অতিবাহিত কৰা অখিল গগৈৰ মুক্তিৰ দাবী উত্থাপন কৰা পৰিলক্ষিত হৈছে ৷

দৈয়াং টেঙানীৰ বনাঞ্চলবাসীৰ ভূমি পট্টাৰ পৰা আৰম্ভ কৰি অসমীয়া জাতিৰ স্বাৰ্থত শক্তিশালী জনমত গঠন কৰিবলৈ চেষ্টা চলাই অহা কৃষক নেতাজনৰ মুক্তিৰ দাবীত শুকুৰবাৰে পুনৰ উত্তাল হয় মৰিগাঁৱৰ ভূৰাগাঁও অঞ্চল ৷ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে গ্ৰহণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী ৷

প্ৰতিবাদস্থলীৰ পৰা সংগঠন দুটাৰ নেতৃত্বই ক্ষোভ প্ৰকাশ কৰি কয়, চৰকাৰক অতি শীঘ্ৰে কৃষক নেতা অখিল গগৈৰ মুক্তিৰ বাবে দাবী জনাইছো ৷ কা' আন্দোলনৰ বাবে বিজেপি চৰকাৰে স্বৈৰতান্ত্ৰিকভাৱে কাৰাগাৰত ৰাখিছে অখিল গগৈক ৷ চৰকাৰক কৃষক নেতাজনৰ মুক্তিৰ বাবে 3 দিনৰ সময়সীমাও বান্ধি দিলে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ভূৰাগাঁৱৰ নেতৃত্বই ৷

উল্লেখ্য যে, প্ৰতিবাদকাৰীয়ে বিজেপি চৰকাৰ হায় হায়, অসম চৰকাৰৰ হায় হায়, সৰ্বানন্দ সোণোৱাল হায় হায়, বিজেপি চৰকাৰ গ' বেক, অখিল গগৈক মুক্তি দিয়ক আদি শ্ল'গানেৰে উত্তাল প্ৰতিবাদস্থলী ৷

লগতে পঢ়কঃবিজেপিয়ে আমাৰ সৈতে মিত্ৰতা নকৰে যদি স্পষ্ট কৰক : হাগ্ৰামা মহিলাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.