ETV Bharat / state

মৰিগাঁৱত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী - ASP press conference in Morigaon

চাইবাৰ অপৰাধৰ ঘাটি হোৱাৰ দিশে আগবাঢ়িছে নেকি মৰিগাঁও জিলা । আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ সংবাদমেলত পোহৰলৈ ভয়ংকৰ তথ্য । মৰিগাঁৱত অব্যাহত থকা চাইবাৰ অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ সফল অভিযানৰ সন্দৰ্ভত ব্যাখ্যা আগবঢ়াই সংবাদমেল অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীৰ ।

Huge quantity of stolen items seized in Morigaon
মৰিগাঁৱত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী
author img

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 8:26 PM IST

মৰিগাঁৱত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী

মৰিগাঁও,১৩ ডিচেম্বৰ: অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্যৰ আৰক্ষী প্ৰশাসন । চোৰ, ডকাইত তথা চাইবাৰ অপৰাধীৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ব্যাপক অভিযান চলাইছে অসম আৰক্ষীয়ে । ব্যতিক্ৰম নহয় মৰিগাঁও আৰক্ষীও । মৰিগাঁৱত আৰক্ষীয়ে বিভিন্ন প্ৰান্তত অভিযান চলাই আটক কৰিছে বহু অপৰাধীক, জব্দ কৰিছে বহু চুৰি সামগ্ৰী ।

ইয়াৰ মাজতে বুধবাৰে মৰিগাঁও জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই সংবাদমেল সম্বোধন কৰি মৰিগাঁৱত অব্যাহত থকা চাইবাৰ অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ সফল অভিযানৰ সন্দৰ্ভত ব্যাখ্যা আগবঢ়াই । সংবাদমেলত মঙলবাৰে নিশা জিলাখনৰ লাহৰীঘাট আৰু মৈৰাবাৰীত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে চলা অভিযান সন্দৰ্ভত কিছু তথ্য সদৰী কৰে ।

অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে জনাই যে মঙলবাৰে ওৰে নিশা মৰিগাঁও জিলাৰ ভিন্ন প্ৰান্তত অভিযান চলাই চাইবাৰ অপৰাধৰে জড়িত ২৯টা অপৰাধীক গ্ৰেপ্তাৰ কৰা হয় । অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত চলা অভিযানত বহুকেইখন চাৰিচকীয়া, দুচকীয়া বাহন জব্দ কৰিবলৈ সক্ষম হয় বুলি জানিবলৈ দিয়ে ।

সমান্তৰালকৈ বহুকেইটা প্ৰিন্টাৰ, লেপটপ, ম'বাইল ফোন জব্দ কৰি মৰিগাঁও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে । ইয়াৰে ২৪ টা অপৰাধীৰ বিৰুদ্ধে পূৰ্বৰে পৰা আন বহু অভিযোগ উত্থাপিত হৈ আছিল বুলি জানিবলৈ দিয়ে সমীৰণ বৈশ্যই । আটকাধীন অপৰাধী কেইটাক লাহৰীঘাট আৰু মৈৰাবাৰী থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে । অভিযানত জব্দ কৰে বহু ব্যক্তিৰ আধাৰ কাৰ্ড, পান কাৰ্ড, চিম কাৰ্ডৰ লগতে ৯৬ হাজাৰ নগদ ধন ।

লগতে পঢ়ক: লংকাত শতাধিক চুৰি ম'বাইলসহ চোৰক আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.