ETV Bharat / state

চৰকাৰৰ আঁচনি কাৰ বাবে : জনসাধাৰণ নে দলীয় কৰ্মীৰ বাবে ? - আলহী ঘৰ

ৰাজ্যৰ বিভিন্ন পৰ্যটনস্থলীৰ সমান্তৰাল কৈ পবিতৰাতো চৰকাৰে প্ৰদান কৰিছিল চাৰিটা অতিথি গৃহ। প্ৰতিটো ঘৰৰ বাবদ প্ৰদান কৰা হৈছিল ৮-১০ লাখ টকা। কিন্তু একাংশ বিজেপি নেতাৰ চকু পৰিল এই টকাৰ ওপৰত ।

চৰকাৰৰ আঁচনি কাৰ বাবে
author img

By

Published : Aug 23, 2019, 7:38 PM IST

মায়ং,আগষ্ট 23 : ৰাজ্যৰ পৰ্যটন বিভাগে পৰ্যটনস্থলীৰ উন্নয়নৰ বাবে ২০১৭ চনতে হাতত লৈছিল আলহী ঘৰ নামেৰে এক আঁচনি। ৰাজ্যৰ বিভিন্ন পৰ্যটনস্থলীৰ সমান্তৰাল কৈ পবিতৰাতো প্ৰদান কৰিছিল চাৰিটা অতিথি গৃহ। প্ৰতিটো ঘৰৰ বাবদ প্ৰদান কৰা হৈছিল ৮-১০ লাখ টকা। কিন্তু এই টকাৰ ওপৰত চকু পৰিল একাংশ বিজেপি নেতাৰ। মন্ত্ৰীৰ সোঁৱে-বাঁওৱে ঘুৰি ফুৰা একাংশ লোকেহে লাভ কৰে এই আঁচনিৰ ধনৰাশি। যাৰ বাবে এই ঘৰবোৰ দুদিন পাচতে হয়টো কাৰোবাৰ ব্যক্তগত ড্ৰয়িং ৰুম,পাকঘৰ অথবা অতিথি কোঠালৈ পৰিণত হ'ব। এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন

Intro:# পবিতৰাত পৰ্যটন বিভাগৰ স্বজন-টোষন নীতি।Body:

ৰাজ্যৰ পৰ্যটন বিভাগে পৰ্যটন স্থলীৰ উন্নয়নৰ বাবে ২০১৭ চনতে হাতত লৈছিল অালহী ঘৰ নামেৰে এক হ'মষ্টেৰ অাচনি। ৰাজ্যৰ বিভিন্ন পৰ্যটন স্থলীৰ সমান্তৰাল কৈ পবিতৰাটো প্ৰদান কৰিছিল চাৰিটা অালহী ঘৰ। প্ৰতিটো ঘৰৰ বাবদ প্ৰদান কৰা হৈছিল ৮ - ১০ লাখ টকা। কিন্তু এই টকাৰ ওপৰত চকু পৰিল একাংশ বিজেপি নেতাৰ। মন্ত্ৰীৰ (পিয়ূষ হাজৰিকা)সোঁৱে বাৱে ঘুৰা এই নেতা সকলে লাভ কৰে এই অাচনিৰ ধনৰাশি। যাৰ ফলত অাজিও অাৰম্ভ নহ'ল অালহি ঘৰ । কাৰন তেওলোকৰ কোনো মতলব নাই পৰ্যটকক সেৱা প্ৰদানৰ। যাৰ বাবে এই ঘৰ বোৰ দুদিন পাচতে হয়টো হ'ব কাৰোবাৰ ব্যক্তগত দ্ৰয়িংৰোম, পাকঘৰ অথবা অতিথি কোঠা। পবিতৰাত এই অাচনিৰ সুবিধা লাভ কৰা প্ৰতিজনেই কোনো কালে জড়িত নাচিল পৰ্যটন খণ্ডৰ লগত। না তেওলোকে জড়িত হ'ব ভবিষ্যতে।
Byte . Dr. Utpal Nath . Local public

অালহি ঘৰৰ হিতাধিকাৰী সকল হৈছে ক্ৰমে ৰিজুমনি মালাকাৰ,ফুনু দেৱী, বন্দনা বিষয়া অাৰু মুকেশ শইকীয়াই। ইয়াৰে অাটাইকেইগৰাকী বিজেপি কৰ্মী। ৰিজুমনি মালাকাৰ সেই সময়ৰ বিজেপি সমৰ্থিত মায়ং গাও পঞ্চায়তৰ সভানেত্ৰী অাৰু বৰ্তমান মৰিগাও জিলা পৰিষদৰ সদস্য।

Byte. হিতাধিকাৰী (চুলি নথকা লোক জন)

বিশ্ব প্ৰসিদ্ধ পবিতৰা তথা মন্ত্ৰ নগৰী মায়ঙক পৰ্যটকে ওচৰৰ পৰা জনাৰ এক সফল অাচনি হ'ল হেতেন এই "অালহি ঘৰ " হ'ম ষ্টে। কিন্তু সেয়া হৈ নুথিল। সচেতন ৰাইজৰ প্ৰশ্ন , কেৱল ৰাজনৈতিক সুবিধা লাভৰ বাবেই কিয় সৰাধ কৰা হ'ল ৰাজকোষৰ ধন ? এনে হ'লে কি দৰে উন্নয়ন হ'ব পৰ্যটন খণ্ডৰ। নে চৰকাৰী সুবিধা লাভৰ বাবে কৰিব লাগিব শাসকীয় দলৰ হৈ ৰাজনীতি। এয়াও এক ডাঙৰ প্ৰশ্ন।
REPORTED BY CHAMPAK DEKA. MAYONG.

Conclusion:
# পৰ্যটন বিভাগৰ লাখটকীয়া অাঁচনিৰ হিতাধিকাৰী কেৱল বিজেপিৰ নেতা ।
# ধোৱাচাঙত পৰ্যটন উন্নয়নৰ অাচনি।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.