ETV Bharat / state

চিকিৎসাকৰ্মীৰ আক্ৰমণকাৰীক কঠোৰ শাস্তিৰ দাবীত লাহৰীঘাটত প্ৰতিবাদ - লাহৰীঘাটত চিকিৎসাকৰ্মীক আক্ৰমণ

লাহৰীঘাটৰ ছাইফুল ইছলাম নামৰ এজন চিকিৎসা কৰ্মীৰ (Health worker) ওপৰত বৰ্বৰ আক্ৰমণ চলাইছিল একাংশ লোকে । ঘটনা সংঘটিত হোৱা ৪৮ ঘন্টা পাৰ হৈ যোৱাৰ পাছতো লাহৰীঘাট আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম নহ'ল এজনো অভিযুক্তক । যাৰ বাবে দেওবাৰে লাহৰীঘাট মহাত্মাগান্ধী আদৰ্শ চিকিৎসালয়ৰ সম্মুখত হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ (Protest) সাব্যস্ত কৰে চিকিৎসা কৰ্মী সকলে ।

health worker protest
চিকিৎসাকৰ্মীৰ আক্ৰমণকাৰীক কঠোৰ শাস্তিৰ দাবীত লাহৰীঘাটত প্ৰতিবাদ
author img

By

Published : Jul 4, 2021, 5:31 PM IST

লাহৰীঘাট, ৪ জুলাই: ৰাজ্যত পুনৰ চিকিৎসক নিগ্ৰহৰ ঘটনা । শেহতীয়াকৈ দেখা গৈছে যে ৰাজ্যত কৰ'ণা (Corona) পৰিস্থিতিৰ মাজত কেইবাগৰাকী চিকিৎসক অথবা চিকিৎসা সেৱাৰ সৈতে জড়িত লোক আক্ৰমণৰ বলি হৈছে । এইবাৰ স্থান মৰিগাঁও জিলাৰ লাহৰীঘাট । দুদিন পূৰ্বে লাহৰীঘাটৰ ছাইফুল ইছলাম নামৰ এজন চিকিৎসা কৰ্মীৰ (Health worker) ওপৰত বৰ্বৰ আক্ৰমণ চলাইছিল একাংশ লোকে ।

লাহৰীঘাটৰ ক'ভিড প্ৰতিষেধক কেন্দ্ৰত (Covid Vaccination center) সংঘটিত হৈছিল এই ভয়াৱহ ঘটনা । চাৰিজনীয়া দুৰ্বৃত্তৰ দলে আক্রমণ কৰিছিল চিকিৎসা কৰ্মী ছাইফুল ইছলামক । লাহৰীঘাটৰ বোৱাল গুৰি মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছিল এই ঘটনা । কিন্তু ঘটনা সংঘটিত হোৱা ৪৮ ঘন্টা পাৰ হৈ যোৱাৰ পাছতো লাহৰীঘাট আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম নহ'ল এজনো অভিযুক্তক ।

যাৰ বাবে দেওবাৰে লাহৰীঘাট মহাত্মাগান্ধী আদৰ্শ চিকিৎসালয়ৰ সম্মুখত হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ (Protest) সাব্যস্ত কৰে চিকিৎসা কৰ্মী সকলে । ইফালে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে অতি শীঘ্ৰে দোষীক কৰায়ত্ত কৰি কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছে প্ৰতিবাদকাৰী চিকিৎসা কৰ্মী সকলে ।

সমান্তৰালকৈ, চিকিৎসা কৰ্মীৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ চৰকাৰক কঠোৰ আইন প্ৰণয়ন কৰাৰো দাবী তুলিছে । স্থানীয় আৰক্ষীৰ বিফলতাৰ ওপৰতো প্ৰশ্ন তুলিছে প্ৰতিবাদী চিকিৎসা কৰ্মী সকলে । উল্লেখ্য যে, কৰ'ণা পৰিস্থিতিৰ সময়ত সকলোৱে মহামাৰীৰ ভয়ত ঘৰৰ ভিতৰত সোমাই থকাৰ সময়ত জৰুৰীকালীন সেৱা সৈতে জড়িত আন লোকৰ উপৰিও প্ৰথম শাৰীৰ চিকিৎসক তথা চিকিৎসা কৰ্মী সকলে দিনে নিশাই কাম কৰি গৈছে ।

নিজৰ কথা চিন্তা নকৰি কৰ'ণা ৰোগীক সুস্থ কৰাৰ ওপৰত গুৰুত্ব দিছে এই চিকিৎসা কৰ্মী সকলে । কিন্তু তাৰ পিছতো একাংশ মানৱতাহীন লোকে আক্ৰমণৰ লক্ষ্য কৰি লৈছে চিকিৎসক আৰু চিকিৎসাকৰ্মী সকলক । ইয়াৰ পূৰ্বেও অসমৰ ভিন্ন প্ৰান্তত বিভিন্নজনৰ ৰোষত পৰিবলগীয়া হৈছে চিকিৎসা কৰ্মী সকল । সেয়ে একাংশ সচেতন লোকে এই ঘটনাসমূহক তীব্ৰ নিন্দা কৰা দেখা গৈছে । লগতে চৰকাৰক এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে ।

লগতে পঢ়ক :তেজপুৰৰ পৰা বিগত তিনিমাহ ধৰি নিৰুদ্দেশ মাতৃ-পুত্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.