ETV Bharat / state

Health Camp in Marigaon: মাৰোৱাৰী যুৱ মঞ্চৰ উদ্যোগত বিনামূলীয়া চিকিৎসা শিবিৰ - বিনামূলীয়া চিকিৎসা শিবিৰ

মাৰোৱাৰী যুৱ মঞ্চ অসমৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত মৰিগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত চিকিৎসা শিবিৰ । তিনিশতাধিক লোকক প্ৰদান কৰা হয় চকু,নাক,কাণৰ প্ৰাথমিক পৰীক্ষা ।

Free health camp at Marigaon
বিনামূলীয়া চিকিৎসা শিবিৰ
author img

By

Published : Jun 26, 2023, 2:16 PM IST

বিনামূলীয়া চিকিৎসা শিবিৰ

মৰিগাঁও, ২৬ জুন: মৰিগাঁৱত মাৰোৱাৰী যুৱ মঞ্চৰ উদ্যোগত মৰিগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত এক বিনামূলীয়া চিকিৎসা শিবিৰ সম্পন্ন হয় । এই শিবিৰত মৰিগাঁও জিলা স্বাস্থ্য বিভাগৰ চিকিৎসক অমৰজ্যোতি ডেকাৰ লগতে কেইবাগৰাকী চিকিৎসকে অংশগ্ৰহণ কৰে । মাৰোৱাৰী যুৱ মঞ্চ,অসমৰ মৰিগাঁও জিলা সমিতিয়ে শনিবাৰে মৰিগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চকু, কাণ, নাক, মুখৰ লগতে বিভিন্ন ৰোগৰ পৰীক্ষা- নিৰীক্ষা আৰু চিকিৎসা প্ৰদান কৰে ।

তিনি শতাধিক ৰোগীক চিকিৎসা সেৱা প্ৰদান কৰা উক্ত চিকিৎসা শিবিৰটো উদ্বোধন কৰে মৰিগাঁও জিলা উপায়ুক্ত দেৱাশীষ শৰ্মা আৰু আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে । ভাষণ প্ৰসংগত উপায়ুক্ত দেৱাশীষ শৰ্মা আৰু আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে মাৰোৱাৰী যুৱ মঞ্চ,মৰিগাঁও জিলা সমিতিৰ এনে পদক্ষেপক শলাগ লয় । লগতে অনাগত দিনত মাৰোৱাৰী যুৱ মঞ্চক আৰ্ত আৰু দূৰ্গতজনক সেৱা আগবঢ়াই যোৱা সকলো কাম- কাজতে সহায় সহযোগিতা আগবঢ়াব বুলি কয় ।

এনেধৰণৰ চিকিৎসা শিবিৰসমূহ অনাগত দিনত জিলাখনৰ ভিতৰুৱা অঞ্চল সমূহত অনুষ্ঠিত কৰিবলৈ আহ্বান জনাই কয় যে অসম মাৰোৱাৰী যুৱ মঞ্চৰ মৰিগাঁও জিলা সমিতি গঠন কৰা কেৱল তিনি বছৰ হৈছে। বয়সৰ অনুপাতে এই সামাজিক অনুষ্ঠানটো শৈশৱতে আছে । লগতে অসম মাৰোৱাৰী মঞ্চৰ উদ্যোগত কেৱল ভাৰতবৰ্ষতে নহয় বিশ্বৰ বিভিন্ন দেশত তেওঁলোকে ৰক্তদান,চকু অস্ত্ৰোপচাৰৰ উপৰি বিভিন্ন মেগা স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰি সমাজৰ হকে কাম কৰিছে বুলি মন্তব্য আগবঢ়ায় জিলা উপায়ুক্ত দেবাশীষ শৰ্মাই ।

একেদৰে মৰিগাঁও জিলা আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে এই বিশাল স্বাস্থ্য শিবিৰত অংশ গ্ৰহণ কৰি জিলাখনৰ বানপানীৰ সময়ত প্ৰান্তীয় অঞ্চল সমূহৰ বানাক্ৰান্ত ৰাইজে চিকিৎসাজনিত বিভিন্ন সমস্যাৰে জৰ্জৰিত হয় । সেয়েহে তেনে সময়ত জিলাখনৰ প্ৰান্তীয় এলেকাত এনে স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰাৰ বাবে সংস্থাটোক আহবান জনাই কয় যে জিলা প্ৰশাসনৰ তৰফৰ পৰা যি সহযোগিতা দৰকাৰ হয় সেয়া জিলা প্ৰশাসনৰ তৰফৰ পৰা সকলো ব্যৱস্থা গ্ৰহণ কৰিব । লগতে আৰক্ষী অধীক্ষক গৰাকীৰ এই আহবানৰ প্ৰতি সহাৰি জনাইছে বুলিও আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে মন্তব্য আগবঢ়ায় ।

লগতে পঢ়ক:Anti drugs mission in Jonai: জোনাইত ড্ৰাগছ বিৰোধিতাৰে TMPKৰ আন্তঃগাঁও ক্ৰীড়া সমাৰোহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.