ETV Bharat / state

50 বছৰীয়া হ’ল দন্দুৱা মাধ্যমিক বিদ্যালয় - Dandua ME School golden jubilee

মৰিগাঁৱৰ দন্দুৱা মাধ্যমিক বিদ্যালয়ে ভৰি দিলে সোণালী জয়ন্তী বৰ্ষত  ৷ সোণালী জয়ন্তী উৎসৱক লৈ শুকুৰবাৰৰ পৰা উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰে দন্দুৱা অঞ্চলত ।

Dandua ME School golden jubilee
সোণালী জয়ন্তী বৰ্ষত ভৰি দিলে মৰিগাঁৱৰ দন্দুৱা মাধ্যমিক বিদ্যালয়ে
author img

By ETV Bharat Assamese Team

Published : Nov 26, 2023, 10:52 AM IST

মৰিগাঁও, 26 নৱেম্বৰ : মৰিগাঁৱৰ দন্দুৱা মাধ্যমিক বিদ্যালয়ে ভৰি দিলে সোণালী জয়ন্তী বৰ্ষত ৷ বিদ্যালয়ৰখনৰ সোণালী জয়ন্তী বৰ্ষৰ উৎসৱক লৈ শুকুৰবাৰে পৰা উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয় দন্দুৱা অঞ্চলত । বিদ্যালয়ৰখনৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে শনিবাৰে আয়োজন কৰা হয় বিশেষ অনুষ্ঠানৰ ৷

উক্ত অনুষ্ঠানত কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ ডীন তথা এন চি টি ইৰ অধ্যক্ষ ড° দিব্যজ্যোতি মহন্ত, নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক ড৹ কৃষ্ণ মেধী, মৰিগাঁও মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড৹ ধনঞ্জয় কুশ্ৰে লগতে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ৷ সভাত অংশগ্ৰহণ কৰি ড° মহন্তই কয়, ‘‘মানুহে শিক্ষণ আৰু সামাজিকৰণৰ দ্বাৰা আয়ত্ব কৰিব পৰা বস্তু হৈছে মূল্যবোধ । যিয়ে আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা আৰু নিয়ন্ত্ৰণ কৰিবৰ বাবে স্থিৰ কৰা কিছুমান নীতি আৰু আদৰ্শ । অকল ব্যক্তিৰ প্ৰয়োজন পূৰণৰ বাবে যদি আনৰ অপকাৰ কৰে, সামাজিক পৰিৱেশ নষ্ট বা অপকাৰ কৰে তেনেহ’লে তেনে কাৰ্যৰ কোনো মূল্য আছে বুলি ক’ব নোৱাৰি’’ ।

‘‘নতুন শিক্ষা নীতিত মূল্যবোধৰ শিক্ষা আৰু যুৱ সমাজ’’ শীৰ্ষক আলোচনা চক্ৰ উদ্বোধন কৰি কেইবাটও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মহন্তই ৷ ইফালে ড৹ মহন্তই উক্ত সভাতে সোণালী জয়ন্তী উৎসৱৰ লগত সংগতি ৰাখি প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ "স্বৰ্ণ লিপি" উন্মোচন কৰা হয় ৷ অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিকৰ সমিতিৰ সম্পাদক প্ৰতাপ হাজৰিকাই কয়, ‘‘যি বস্তুৰ আদৰ্শমূলক, উপযোগীতা আৰু গুৰুত্বপূৰ্ণ, সিয়েই হৈছে মূল্যবান’’ ।

দন্দুৱা মাধ্যমিক বিদ্যালয়ৰ শিক্ষক মৃণাল হাজৰিকাই আঁতধৰা আলোচনা চক্ৰখনিত দন্দুৱা মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নয়নজ্যোতি বৰা, সোণালী জয়ন্তী উৎসৱ উদযাপন সমিতিৰ সভাপতি যীচুৰাম দেউৰী, কাৰ্যকৰী সভাপতি ৰবীন্দ্ৰ কুমাৰ নাথকে আদি কৰি ভালেকেইজন ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰাটে প্ৰতিযোগিতাত জিলিকিল অসমৰ প্ৰতিযোগী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.