মৰিগাঁও, 10 ডিচেম্বৰ: ব্ৰইলাৰৰ অৱশিষ্ট কঢ়িয়াই অনা বাহন জব্দ ৷ জাগীৰোডত গুৱাহাটী আৰু শ্বিলঙৰ পৰা ব্ৰইলাৰৰ অৱশিষ্ট কঢ়িয়াই অনা বাহন চাৰিখন জব্দ কৰা হয় ৷
অভিযোগ অনুসৰি দীৰ্ঘদিনৰ পৰা এক অসাধু চক্ৰই ব্ৰইলাৰৰ পেলনীয়া সমূহ মাছৰ খাদ্য হিচাপে প্ৰয়োগ কৰি আহিছে ৷ জানিব পৰা মতে এই অসাধু চক্ৰই গুৱাহাটী, খানাপাৰা আৰু শ্বিলঙৰ বিভিন্ন ঠাইৰ পৰা এই পেলনীয়া অৱশিষ্ট বোৰ মাছৰ খাদ্য হিচাপে যোগান দি আহিছে ৷
এনেদৰে ব্ৰইলাৰৰ পেলনীয়া সামগ্ৰীসমূহ মাছৰ খাদ্য হিচাপে প্ৰয়োগ কৰাৰ ফলত মাছৰ পৰা বিভিন্ন ৰোগৰ সৃষ্টি হোৱাৰ আশংকা কৰি সচেতন ৰাইজে জিলা প্ৰশাসনক এইক্ষেত্ৰত সঠিক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনায় ৷
লগতে পঢ়ক:নগাঁও আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী