ETV Bharat / state

বানত জুৰুলা হৈছে মায়ঙৰ ৰাইজ - flood victim

জটিল হৈ পৰিছে মায়ঙৰ বান পৰিস্থিতি । পানী কিছু কমিছিল যদিও পুনৰ ওফন্দি উঠিছে জলপৃষ্ঠ। বিশেষকৈ মায়ং,পকৰীয়া, মনহা আৰু ঘগুৱা মৌজাৰ শতাধিক ৰাজহ গাঁও আকৌ জলমগ্ন হৈছে ।

flood situation became critical in mayang

author img

By

Published : Jul 25, 2020, 8:58 AM IST

মৰিগাঁও, 25 জুলাই : এক অবৰ্ণনীয় পৰিবেশে বিৰাজ কৰিছে মায়ঙৰ কাশশীলা পাহাৰৰ দাঁতিত । বানত জলমগ্ন হৈছে অঞ্চলটোৰ বহু সংখ্যক গাঁও ৷ জলসিঞ্চন আঁচনিৰ নলাৰ ওপৰত চাং পাতি আশ্ৰয় লৈছে বন্যাৰ্ত্যই । মৰিগাঁও জিলাৰ মায়ঙৰ কাশশীলা পাহাৰৰ দাঁতিত থকা দৰং জিলাৰ গছবাৰীৰ চৰৰ 120 টা পৰিয়াল আৰু জাগীৰোড সমষ্টিৰ কটহগুৰিৰ দুই শতাধিক পৰিয়ালে কি দৰে যমৰ যাতনা ভোগ কৰি শিবিৰ পাতি আছে, দেখিলে চকু কপালত উঠিব ।

বানত জুৰুলা হৈছে মায়ঙৰ ৰাইজ

ঘৰৰ মূধচলৈকে পানীত ডুবিছে তেওঁলোকৰ । যাৰ চালৰ ওপৰত আশ্ৰয় ল'ব লগা হৈছে মহিলা আৰু শিশুৱে । পিচে এতিয়া তাতো থাকিব নোৱাৰে । প্ৰতিটো ঘৰ এতিয়া ডুব গৈছে বানত । পোহনীয়া জন্তুৰ সৈতে সহাৱস্থান কৰিব লগীয়া হৈছে বন্যাৰ্তই । এফালে ধাৰাষাৰ বৰষুণ, তাৰ মাজতে মুকলি আকাশৰ তলত বন্যাৰ্তৰ হাহাকাৰ ৷ পৰিতাপৰ কথা যে, এই সকল বন্যাৰ্তৰ খবৰ ল'বলৈ আহৰি পোৱা নাই জিলা প্ৰশাসনে । কাষতে থকা দৰং জিলাৰ গছবাৰী চৰতো একেই পৰিবেশ ৷

লগতে পঢ়ক : ৰাষ্ট্ৰীয় ঘাইপথত অসুস্থ অৱস্থাত থকা গঁড়ৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.