ETV Bharat / state

Mission Bashundhara 2.0:মিছন বসুন্ধৰা 2.0 ৰ অধীনত প্ৰথমখন মহকুমা ভূমি উপদেষ্টা সমিতিৰ বৈঠক - মিছন বসুন্ধৰা 2 0

ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলক ভূমিৰ অধিকাৰ দিয়াৰ বাবে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অধীনত আৰম্ভ হোৱা ধ্বজাবাহি আঁচনি মিছন বসুন্ধৰা 2.0 ৰ অধীনত মৰিগাঁও জিলাত প্ৰথমখন মহকুমা ভূমি উপদেষ্টা সমিতিৰ বৈঠক অনুষ্ঠিত । সোমবাৰৰ এই বৈঠকত সৰ্বমুঠ ১১০৩ পট্টনৰ প্ৰস্তাৱ দাখিল কৰা হয় ।

mission basundhora 2.0
ভূমি উপদেষ্টা সমিতিৰ বৈঠক
author img

By

Published : Aug 7, 2023, 8:12 PM IST

মৰিগাঁও, 7 আগষ্ট : সোমবাৰে মৰিগাঁও জিলা আয়ুক্তৰ সভা কক্ষত মিছন বসুন্ধৰা 2.0 ৰ অধীনত প্ৰথমখন মহকুমা ভূমি উপদেষ্টা সমিতিৰ বৈঠক অনুষ্ঠিত হয় । জিলা প্ৰশাসনৰ উদ্যোগত জিলাখনৰ ছয় ৰাজহ চক্ৰৰ সহযোগত অসম চৰকাৰৰ অভিলাষী আঁচনি মিছন বসুন্ধৰা 2.0 ৰ এই প্ৰথমখন মহকুমা ভূমি উপদেষ্টা সমিতিৰ বৈঠক সোমবাৰে জিলা আয়ুক্তৰ সভাকক্ষত অনুষ্ঠিত হয় । ৰাজ্যখনৰ ভূমিপুত্ৰ তথা খিলঞ্জীয়া জাতি জনগোষ্ঠীক ভূমিৰ অধিকাৰ দিয়াৰ বাবে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন ব্যৱস্থাপনা বিভাগৰ অধীনত আৰম্ভ হৈছে এই ধ্বজাবাহী আঁচনি মিছন বসুন্ধৰা 2.0 ৷

mission basundhora 2.0
ভূমি উপদেষ্টা সমিতিৰ বৈঠক

প্ৰথমখন মহকুমা ভূমি উপদেষ্টা সমিতিৰ এই বৈঠকত অধ্যক্ষতা কৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই । বিগত ২০২২ বৰ্ষৰ 14 নৱেম্বৰত আৰম্ভ হোৱা এই আঁচনিৰ অধীনত ভূমি পট্টন সম্বন্ধীয় ৫ টা সেৱাৰ বাবে লাভ কৰা আৱেদনসমূহ পৰীক্ষা কৰি পট্টনৰ যোগ্যতা নিৰূপণৰ বাবে এই বৈঠকত সোমবাৰে সৰ্বমুঠ ১১০৩ টা প্ৰস্তাৱ দাখিল কৰা হয় বুলি এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰিছে মৰিগাঁও জিলা তথ্য আৰু জনসংযোগ বিভাগে । ইয়াৰ ভিতৰত মায়ং ৰাজহ চক্ৰৰ ৪৫৬ টা, ভূৰাগাঁও ৰাজহ চক্ৰৰ ৩৯৬ টা, মৰিগাঁও ৰাজহ চক্ৰৰ ৮৯ টা , লাহৰীঘাট ৰাজহ চক্ৰৰ ৯৬ টা আৰু মিকিৰভেটা ৰাজহ চক্ৰৰ ৬৫ টা পট্টনৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয় ।

উল্লেখ্য যে, সাধাৰণ চৰকাৰী ভূমিৰ পট্টনৰ প্ৰস্তাৱসমূহৰ অনুমোদনৰ বাবে জিলা আয়ুক্তৰ অধ্যক্ষতাত এই সমিতি কাৰ্যকৰী হয় । সোমবাৰৰ এই বৈঠকত ধিং সমষ্টিৰ বিধায়ক, জাগীৰোড উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ, অতিৰিক্ত জিলা আয়ুক্ত বিমান দাসকে প্ৰমুখ্য কৰি অন্যান্য বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে ।

লগতে পঢ়ক : Mission Basundhara: মিছন বসুন্ধৰা-২ত আৱেদন কৰাৰ পৰা এতিয়াও বঞ্চিত বহু খিলঞ্জীয়া লোক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.