ETV Bharat / state

মৈৰাবাৰীত বৃহৎ পৰিমাণৰ নকল নোট উদ্ধাৰ

মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত লাওতলীত এক অভিযান চলাই আৰক্ষীয়ে উদ্ধাৰ কৰে প্ৰায় 13.40 লাখ টকাৰ নকল নোট ৷ এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত মৰিগাঁও আৰক্ষীয়ে চলোৱা অভিযানত নকল নোটখিনি উদ্ধাৰ হোৱাৰ লগতে আটক হৈছে দুগৰাকী সৰবৰাহকাৰী ৷

author img

By

Published : Aug 9, 2020, 9:36 AM IST

fake money seized at moirabari morigaon assam etv bharat news
নকল নোট উদ্ধাৰ

মৰিগাঁও, 9 আগষ্ট: মৰিগাঁৱত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ নকল নোট ৷ জিলাখনৰ মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত লাওতলীত অভিযান চলাই আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে প্ৰায় 13.40 লাখ টকাৰ নকল নোট ৷ এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত মৰিগাঁও আৰক্ষীয়ে চলোৱা এক অভিযানত উদ্ধাৰ হয় এই নকল নোটখিনি ৷ উক্ত ঘটনাৰ লগত জড়িতৰ সন্দেহত আৰক্ষীয়ে ছিৰাজুল হক আৰু নুৰুল আমিন নামৰ দুগৰাকী লোকক আটক কৰে ৷

নকল নোট উদ্ধাৰ

ঘটনাস্থলীত আৰক্ষীক দেখি পলায়নৰ চেষ্টা চলাই দুই নকল নোট সৰবৰাহকাৰীয়ে ৷ কিন্তু আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰাত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয় দুই সৰবৰাহকাৰী ৷ উক্ত অভিযানৰ নেতৃত্ব দিছিল জিলা আৰক্ষী অধীক্ষক নন্দ সিং বৰকলাই ৷ দুই নকল নোট সৰবৰাহকাৰীয়ে আৰক্ষীৰ জেৰাত এই টকা মাৰণাস্ত্ৰ ক্ৰয়ৰ হকে মজুত ৰখাৰ কথা স্বীকাৰ কৰে ৷ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত সংঘটিত এনে ঘটনাই দিৱসৰ পূৰ্বে স্বাভাৱিকতে কূটনৈতিক ঘটনা সংঘটিত হোৱাৰ আশংকা অধিক প্ৰকট কৰি তুলিছে ৷

লগতে চাওকঃ দিল্লী বিমান বন্দৰত উপস্থিত হ'ল অখিলেশ কুমাৰৰ নশ্বৰদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.