ETV Bharat / state

Ex-army protest in Assam: প্ৰাপ্য বিচাৰি ৰাজপথত ভাৰতীয় সেনাৰ প্ৰাক্তন সৈনিক - Ex army protest in Morigaon

এসময়ত দেশ সুৰক্ষাৰ স্বাৰ্থত নিয়োজিত প্ৰাক্তন সৈনিকসকলে নিজৰ সুৰক্ষাৰ চিন্তাত এতিয়া নামিবলগীয়া হৈছে ৰাজপথত ৷ সমগ্ৰ দেশতে দেওবাৰে প্ৰতিবাদত নামিল প্ৰাক্তন সৈনিকসকল । ব্যতিক্ৰম নহয় অসমত । ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভাৰতীয় সেনাৰ প্ৰাক্তন সৈনিকসকলে ৰূপায়ণ কৰে তীব্ৰ প্ৰতিবাদ ।

Ex-army protest in different parts of Assam
ৰাজপথত ভাৰতীয় সেনাৰ প্ৰাক্তন সৈনিক
author img

By

Published : Jul 2, 2023, 7:58 PM IST

মৰিগাঁও/ধেমাজি,২ জুলাই: সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি দেওবাৰে ভাৰতীয় সেনাৰ প্ৰাক্তন সৈনিকসকলে অসমতো ৰূপায়ণ কৰে ধৰ্মঘট কাৰ্যসূচী । দীৰ্ঘদিন ধৰি বিভিন্ন দাবী পূৰণ নকৰাৰ প্ৰতিবাদত প্ৰাক্তন সৈনিকসকলে ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী । সমান পেঞ্চন নীতিত থকা বিসংগতি দূৰ কৰাৰ দাবীৰে প্ৰাক্তন সৈনিকসকলে ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁৱতো প্ৰাক্তন ভাৰতীয় সেনা বাহিনীয়ে ৰূপায়ণ কৰে ৬ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী । মৰিগাঁও জিলা সদৰ মাজমজিয়াত দীৰ্ঘদিনীয়া দাবী পূৰণৰ দাবীৰে ভাৰতীয় প্ৰাক্তন সৈনিক সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণেৰে চৰকাৰক শীঘ্ৰে প্ৰাক্তন সৈনিক সন্থাৰ সমস্যা সমাধানৰ দাবী উত্থাপন কৰে ।

বিশেষকৈ OROP-1 আৰু OROP-2 ৰ বিসংগতিসমূহ দূৰ কৰা, ভাৰতীয় মহিলা সৈনিকৰ বীৰ নাৰীৰ পেঞ্চন আৰু দিব্যাংগ পেঞ্চন সকলো পদৰ বাবে সমান কৰা, Basic পেঞ্চন শেষ সেৱা নিবৃত্তিৰ, Basic Pay ৰ 75% লৈকে বৃদ্ধি লগতে প্ৰাক্তন ভাৰতীয় সেনাবাহিনীৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা পাবলগীয়া সকলো সা-সুবিধা অনতি পলমে আদায় দিয়া আৰু কেইবাটাও দাবীৰে অৰ্ধশতাধিক ভাৰতীয় সেনাৰ প্ৰাক্তন সৈনিকে মৰিগাঁও জিলা শাখাৰ ৬ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।

দেওবাৰে ৰূপায়ন কৰা এই কাৰ্যসূচীত প্ৰাক্তন সৈনিক সকলে হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লেকাৰ্ড লৈ চৰকাৰক শীঘ্ৰে প্ৰাক্তন সৈনিক সন্থাৰ নায্য- প্ৰাপ্য মোকলাই দিবলৈ দাবী উত্থাপন কৰে । উক্ত ধৰ্মঘটত উপস্থিত থাকে ভাৰতীয় সেনাৰ প্ৰাক্তন সৈনিক সন্থাৰ সভাপতি অনিল বৰা, সম্পাদক গোপীনাথ বৰদলৈ, কোষাধ্যক্ষ নৱদীপ ডেকা ।

ধেমাজিতো দেখা গ'ল একেই পৰিৱেশ । সংশ্লিষ্ট বিভাগৰ বৈষম্য বলি হৈ তীব্ৰ অৰ্থৰ সংকটত হাহাকাৰ কৰিবলগীয়া হোৱা সৈনিকসকলে প্ৰাপ্যৰ দাবীত ৰূপায়ণ কৰে ধৰ্মঘট কাৰ্যসূচী ৷ ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা বিভাগে অনুমোদন জনোৱা সমান ৰেংক সমান পেঞ্চন OROPত থকা বিসংগতি সংশোধন কৰা দাবীত দেওবাৰে সমগ্ৰ দেশৰ লগতে ধেমাজি সদৰতো অৱসৰপ্ৰাপ্ত সৈনিকৰ Federation of Veterans ধেমাজি জিলা সমিতিৰ উদ্যোগত সৈনিকসকলে ‘সম কামৰ সম মৰ্যাদা’ দিয়াৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৷ দাবী মানি নল’লে পুনৰ ধৰাবাহিক আন্দোলনৰ হুংকাৰ প্ৰদান কৰে প্ৰাক্তন সৈনিকসকলে ৷

লগতে পঢ়ক: Bjp press meet : ‘গগৈ’ ফোবিয়া ! বিজেপিৰ মুখ্য কাৰ্যালয়ত 7 আহোম মন্ত্ৰী-সাংসদ-বিধায়কৰ বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.