ETV Bharat / state

ইটিভি ভাৰতৰ বাতৰিয়ে সলনি কৰিলে মৰিগাঁৱৰ মেধাৱী ছাত্ৰৰ জীৱন - মৰিগাঁৱৰ ৰিয়াজ আলি

মেধাৱী ৰিয়াজৰ শিক্ষাৰ খৰট বহন কৰিলে আজমল ফাউণ্ডেছনে ৷ ছাত্ৰজনৰ ঘৰলৈ বৈছে জনপ্ৰতিনিধিৰ সোঁত ৷

a news of etv bharat has changed the life of a brilliant student in morigaon
ইটিভি ভাৰতক ধন্যবাদ জ্ঞাপন কৰিলে ৰিয়াজ আলিয়ে
author img

By

Published : Jun 11, 2020, 5:29 PM IST

মৰিগাঁও,11 জুনঃ জটিল ৰোগত আক্ৰান্ত মৰিগাঁৱৰ মেধাৱী ছাত্ৰ ৰিয়াজ আলীৰ বিষয়ে ইটিভি ভাৰতত বাতৰি প্ৰকাশৰ পাছতেই ছাত্ৰজনৰ জীৱনলৈ আহিছে আশাৰ বতৰা ৷ মৰিগাঁও জালুগুটি উচ্চতৰ মাধ্যমিকৰ মেধাৱী ছাত্ৰ জনৰ ঘৰলৈ বৈছে জনপ্ৰতিনিধিৰ সোঁত ৷ ঘটনাৰ বিৱৰণী মতে,সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়ত চিকিৎসাধীন হৈ থকাৰ পাছতো ৯৫% নম্বৰ লাভেৰে নিজ আঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল ৰিয়াজ আলীয়ে ৷ ক্ষুদ্ৰ ব্যৱসায় কৰি পৰিয়াল পোহপাল দিয়া পিতৃহীন ৰিয়াজৰ পৰিয়ালে ছাত্ৰজনৰ চিকিৎসাৰ ক্ষেত্ৰত সন্মুখীন হৈছিল তীব্ৰ আৰ্থিক সংকটৰ ৷

ইটিভি ভাৰতক ধন্যবাদ জ্ঞাপন কৰিলে ৰিয়াজ আলিয়ে

জটিল ৰোগক প্ৰত্যাহ্বান জনাই পৰিয়াল তথা অঞ্চললৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হোৱা ৰিয়াজৰ বিষয়ে প্ৰথমবাৰৰ বাবে বিশেষ প্ৰতিবেদন প্ৰকাশ কৰিছিল ইটিভি ভাৰত অসমে ৷ এই বাতৰি প্ৰকাশৰ পাছতেই বিজেপিৰ বিধায়ক ৰমাকান্ত দেউৰী,অগপ দলৰ কেন্দ্ৰীয় সম্পাদক মনোজ শইকীয়া,অসমীয়া চলচ্চিত্ৰ প্ৰযোজক বাণী দাসৰ লগতে বিভিন্ন জনে আদৰণি জনাইছে দৃঢ় মনোবলৰ গৰাকী ৰিয়াজক ৷ শুভেচ্ছা জ্ঞাপন কৰিবলৈ মৰিগাঁও জালুগুটি টকোনাবড়ী গাঁৱৰ ৰিয়াজৰ ঘৰলৈ আহিল বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধি ৷

উল্লেখযোগ্য যে,মৰিগাঁও জিলা এআইইউডিএফৰ নেতৃত্বই ছাত্ৰজনক শুভেচ্ছা জ্ঞপন কৰাৰ লগতে চুপাৰ ফৰটিত অধ্যয়ন কৰাৰ বাবে ছাত্ৰজনৰ শিক্ষাৰ সকলো খৰচ বহন কৰে আজমল ফাউণ্ডেশ্যনে ৷ ৰোগৰ সৈতে ছাত্ৰ জনৰ জীৱনযুঁজৰ বাতৰি প্ৰকাশ কৰাৰ বাবে মেধাৱী ছাত্ৰজনে শুভেচ্ছা জ্ঞাপন কৰে ইটিভি ভাৰতক ৷

লগতে পঢ়কঃ কয়লা খনন অনুমতি দিয়াৰ বিৰুদ্ধে মোদীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.