ETV Bharat / state

Durga Puja in Morigaon: দেৱী দূৰ্গাৰ বন্দনাৰে মুখৰিত মৰিগাঁৱৰ পূজাথলী - morigaon puja celebration

আজি মহা সপ্তমী । দেৱী দূৰ্গাৰ বন্দনাত মুখৰিত মৰিগাঁও ৫১ সংখ্যক শ্ৰীশ্ৰী সাৰ্বজনীন দুৰ্গা পূজা উদযাপন থলী । মহা সপ্তমীৰ উপলক্ষে মৰিগাঁও চহৰৰ পূজা মণ্ডপৰ পৰা সাংবাদিক ৰাতুল ডেকাৰ এক প্ৰতিবেদন ।

Durga Puja in Morigaon
দেৱী দূৰ্গাৰ বন্দনাৰে মুখৰিত মৰিগাঁৱৰ পূজা উদযাপন থলী
author img

By ETV Bharat Assamese Team

Published : Oct 21, 2023, 6:09 PM IST

দেৱী দূৰ্গাৰ বন্দনাৰে মুখৰিত মৰিগাঁৱৰ পূজা উদযাপন থলী

মৰিগাঁও, 21 অক্টোবৰ : দুৰ্গা পূজাৰ মহা সপ্তমী উপলক্ষে অন্যান্য প্ৰান্তৰ দৰে মৰিগাঁও চহৰৰ পূজা মণ্ডপে মণ্ডপে মহা আয়োজনেৰে চলিছে দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ পূজা-অৰ্চনা । পুৰোহিতৰ বেদবাক্য আৰু ঢাক-ঢোলৰ ছন্দত মুখৰিত হৈছে মৰিগাঁও চহৰৰ আকাশ-বতাহ । মহা সপ্তমী পূজাৰ লগত সংগতি ৰাখি মৰিগাঁৱৰ বিভিন্ন পূজাথলীত দেখা গৈছে ভক্ত-বৈষ্ণৱৰ ভিৰ ।

বিশেষকৈ মৰিগাঁও আঞ্চলিক পূজা সমিতিৰ উদ্যোগত তিনিটাকৈ হাতীৰ সৈতে উলিওৱা হয় বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা । অসমীয়া শংকৰী কলা-কৃষ্টিৰ পৰা আৰম্ভ কৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দলে এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে । উক্ত সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰে তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে । শোভাযাত্ৰাৰ উদ্বোধনত জীৱন চন্দ্ৰ কোঁৱৰক সহযোগ কৰে মৰিগাঁও সাংবাদিক সন্থাৰ সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মাই ।

একেদৰে শতবৰ্ষ গৰকা জালুগুটি সাৰ্বজনীন দূৰ্গা পূজা উদযাপন সমিতিৰ উদ্যোগত পুৱাৰ ভাগত পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, শ্বহীদ তৰ্পন, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন হয় পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি পৰিতোষ পলে । শ্বহীদ তৰ্পন কৰে ক্ৰমে মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি মুন আলি ঠাকুৰীয়া আৰু অসম ৰাজ্যিক সাংবাদিক সন্থাৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি ৰাতুল ডেকাই । এই অনুষ্ঠান আঁতধৰে কাৰ্যকৰী সভাপতি কৌশিক দেৱনাথ আৰু সম্পাদক মিঠুন দত্তই ।

ইফালে মৰিগাঁও সাৰ্বজনীন ৫১ সংখ্যক শ্ৰীশ্ৰী দুৰ্গা পূজা উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা উক্ত পূজাত অগণন ভক্তপ্ৰাণ ৰাইজে দেৱী দূৰ্গাৰ চৰণত ধূপ-দ্বীপ নৈবদ্য আগবঢ়াই আশিস গ্ৰহণ কৰে ।

লগতে পঢ়ক : Durga puja at Devi Dol : শিৱসাগৰৰ দেৱী দৌলত দুৰ্গা পূজাৰ ব্যাপক আয়োজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.