ETV Bharat / state

মৰিগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত জিলা উন্নয়ণ সমন্বয়ক তথা নিৰীক্ষণ সমিতিৰ সভা

author img

By

Published : Aug 22, 2022, 9:33 PM IST

মৰিগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় জিলা উন্নয়ণ সমন্বয়ক আৰু নিৰীক্ষণ সমিতিৰ এখন সভা ৷ নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ সভাপতিত্ব অনুষ্ঠিত হয় এই সভা (MP Pradyut Bordoloi) ৷ সভাখনত বিগত বৰ্ষৰ বিভিন্ন উন্নয়নমূলক কাম-কাজৰ খতিয়ান দাঙি ধৰাৰ লগতে কোনটো বিভাগ কাম-কাজত বিসংগতি আছে তাৰো ওপৰতো এক পৰ্যালোচনা কৰা হয় ।

District development coordinator and monitoring committee meeting held in DCs conference hall in  Morigaon
মৰিগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত জিলা উন্নয়ণ সমন্বয়ক আৰু নিৰীক্ষণ সমিতিৰ সভা

ধিং, 22 আগষ্ট: আজি মৰিগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হৈ যায় জিলা উন্নয়ণ সমন্বয়ক আৰু নিৰীক্ষণ সমিতিৰ এখন সভা (DCs conference hall in Morigaon)। নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ সভাপতিত্ব অনুষ্ঠিত হয় এই সভাখন (MP Pradyut Bordoloi) ৷ সভাখন বিগত বৰ্ষৰ বিভিন্ন উন্নয়নমূলক কাম-কাজৰ খতিয়ান দাঙি ধৰাৰ লগতে কোনটো বিভাগৰ কাম-কাজত বিসংগতি আছে তাৰো ওপৰতো এক পৰ্যালোচনা কৰা হয়।

আনহাতে, এই সভাখনত জিলাখনৰ বিভিন্ন বিভাগৰ কাম-কাজ আৰু বিভিন্ন অভাৱ-অভিযোগ সমাধানৰ বাবে পদক্ষেপ ল’ব পৰা অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে । আজি জিলাখনৰ এই সভাত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ দুই এটা আঁচনিত বিসংগতি আছে বুলি সাংসদগৰাকীয়ে ধৰা পেলায় (District development coordinator and monitoring committee meeting)।

অৱশ্যে, এই আচঁনি কেইটা পুনৰ ভালকৈ ৰূপায়নৰ পৰামৰ্শ আগবঢ়ায় সাংসদগৰাকীয়ে । লগতে সভাখনত গ্ৰামোন্নয়ন বিভাগৰ জৰিয়তে অনুমোদন লাভ কৰা ৪১৫০৬ টা প্ৰধান মন্ত্ৰী আবাস যোজনাৰ ঘৰৰ ভিতৰত ৩৪২৯৯ টা সম্পূৰ্ণ হোৱাৰ বিষয়টো সাংসদগৰাকীয়ে প্ৰশংসা কৰে । মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া ক্ষিতীশ চন্দ্ৰ পেগুৰ ব্যাপক তৎপৰতাত গ্ৰামোন্নয়ন বিভাগৰ জৰিয়তে বহু কেইখন পুখুৰী সম্পূৰ্ণ হোৱাৰ বিষয়টো আলোচনা কৰা হয় ।

ইপিনে লোক-নিৰ্মাণ বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ ৰাস্তাৰ বিষয়ে আলোচনা কৰা হয় । সভাত বিধায়িকা শিৱা মনি বৰাও নিজৰ নিজৰ সমষ্টিৰ কেইটামান কামৰ কথা উল্লেখ কৰে ।

আজিৰ এই সভাখনত মন্ত্ৰী পীযুষ হাজৰিকা অহাৰ কথা আছিল যদিও মন্ত্ৰীগৰাকীয়ে বিশেষ কাৰণত উপস্থিত থাকিব পৰা নাই (Minister Piyush Hazarika)।

সভাত বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামনি বৰা, ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়া, মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষিতীশ চন্দ্ৰ পেগু, জিলাখনৰ আটাইকেইখন উন্নয়ন খণ্ডৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি সভানেত্ৰী, জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে ৷

লগতে পঢ়ক: শিক্ষা মন্ত্ৰীৰ পত্ৰক একপ্ৰকাৰ সমৰ্থন সাংসদ প্ৰদ্যুৎ বৰদলৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.