ETV Bharat / state

মৰিগাঁৱত উলহ মালহৰে দেৱী বিৰ্সজন পৰ্ব আৰম্ভ - বিসৰ্জন স্থলীত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত মৰিগাঁও মালপোতা ভাচনি ঘাটত দুপৰীয়াৰ পৰা আৰম্ভ হৈছে বিজয়া দশমী পৰ্ব ৷

Dasami's immersion start at Morigaon
মৰিগাঁৱত উলহ মালহৰে দেৱী বিৰ্সজন পৰ্ব আৰম্ভ
author img

By

Published : Oct 26, 2020, 5:00 PM IST

মৰিগাঁও, 26 অক্টোবৰ: ৰাজ্যজুৰি আজি পালন কৰা হৈছে বিজয়া দশমী ৷ ষষ্ঠীত বেদীত প্ৰতিষ্ঠা কৰা মা দুৰ্গাৰ প্ৰতিমাক ৰীতি-নীতিৰ মাজেৰে আজি বিসৰ্জন দিয়া হৈছে ৷ তাৰেই পৰিপ্ৰেক্ষিতত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মৰিগাঁৱতো আয়োজন আৰম্ভ হৈছে মা দুৰ্গাৰ প্ৰতিমা বিসৰ্জন দিয়া কাৰ্যসূচী ৷ মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত মৰিগাঁও মালপোতা ভাচনি ঘাটত দুপৰীয়াৰ পৰা আৰম্ভ হৈছে বিজয়া দশমী পৰ্ব ৷ দেৱী বিসৰ্জন স্থলীত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা ৷

মৰিগাঁৱত উলহ মালহৰে দেৱী বিৰ্সজন পৰ্ব আৰম্ভ

উল্লেখ্য যে, ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া কভিড প্ৰ'টকল মানি মৰিগাঁৱৰ মালপোতা ভাচনি ঘাটত অনুষ্ঠিত হোৱা বিসৰ্জন পৰ্বত দহভাগকৈ পূজাৰ দেৱীক বিৰ্সজন দিয়া হ'ব ৷ দুপৰীয়াৰ ভাগৰ পৰা অনুষ্ঠিত হোৱা এই বিজয়া দশমী পৰ্বত মৰিগাঁও জিলা আৰক্ষী প্ৰশাসনে তদাৰক কৰি সামাজিক দূৰত্ব আৰু মাক্স পৰিধানৰে সম্পন্ন কৰে দেবী বিসৰ্জন কাৰ্যসূচী ৷ দেৱীক বিৰ্সজন দি সকলোৰে মংগল কামনা কৰে আয়োজক ভক্ত প্ৰাণ বিষয় ববীয়াই ৷

লগতে পঢ়কঃ দেৱী বিসৰ্জনৰ বাবে সাজু নগাঁৱৰ বাঙালী পূজা সমিতি

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.