মৰিগাঁও, 28 চেপ্তেম্বৰ: দেশ তথা ৰাজ্যত অপৰিৱৰ্তিত অৱস্থাত কৰ'ণা মহামাৰীৰ ত্ৰাস ৷ দিনক দিনে ব্যাপক হাৰত বৃদ্ধি পাই আছে কৰ'ণা আক্ৰান্তৰ সংখ্যা ৷ কিন্তু তথাপিও যেন সচেতন নহয় একাংশ লোক ৷ বিশ্বত্ৰাসৰ সৃষ্টি কৰা কৰ'ণাৰ প্ৰতি ভয় নাই তেওঁলোকৰ ৷ যাৰ বাবে মৰিগাঁৱৰ লাহৰীঘাট দেৱাগুৰি স্কুল খেলপথাৰত COVID প্ৰট'কল উফৰাই অনুষ্ঠিত কৰা হ'ল এখন ক্ৰিকেট খেলৰ চূড়ান্ত প্ৰতিযোগিতা ৷ খেল পৰিচালনা কমিটিৰ এগৰাকী লোকে উল্লেখ কৰা অনুসৰি, ৰাইজৰ আশীৰ্বাদত হেনো অনুমান কৰিব নোৱাৰাকৈয়ে সেই স্থানত গোট খালে প্ৰায় 15 সহস্ৰাধিক লোক ৷ যাক লৈ এক প্ৰকাৰ গৌৰৱান্বিত তেওঁ ৷ কিন্তু সামাজিক দূৰত্ব বৰ্তাই ৰখাটো দূৰৰে কথা, মুখত এখন মাস্ক পিন্ধিও তথাকথিত ক্ৰিকেটপ্ৰেমী সকল নাহিল খেল চাবলৈ ৷ যেন দেশ তথা ৰাজ্যত পুনৰবাৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে সকলোবোৰ ৷
উল্লেখ্য যে, ক্ৰিকেট খেলখনৰ চূড়ান্ত প্ৰতিযোগিতাত উপস্থিত আছিল প্ৰাক্তন মন্ত্ৰী তথা লাহৰীঘাট বিধানসভা সমষ্টিৰ বিধায়ক ডাঃ নজৰুল ইছলাম, মৰিগাঁও জিলাৰ জিলা পৰিষদৰ সভানেত্ৰী ইচমাৰা বেগমকে আদি কৰি বহু কেইজন জিলা পৰিষদৰ কৰ্মকৰ্তা আৰু গাঁও পঞ্চায়তৰ প্ৰতিনিধি ৷
লগতে পঢ়ক: ওদালগুৰিত স্বাস্থ্যকৰ্মীক আক্ৰমণ একাংশৰ