ETV Bharat / state

মৰিগাঁৱত উদ্বেগজনকভাৱে বৃদ্ধি ক'ভিডত আক্ৰান্ত লোকৰ সংখ্যা

author img

By

Published : May 12, 2021, 11:43 AM IST

মৰিগাঁৱত দৈনিক ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰিছে ক'ভিডত আক্ৰান্ত আৰু মৃত্যু হোৱা লোকৰ সংখ্যা । জিলাখনত পাঁচ জনলৈ বৃদ্ধি পায় নিহতৰ সংখ্যা ।

Corona Virus
মৰিগাঁৱত উদ্বেগজনকভাৱে বৃদ্ধি ক'ভিডত আক্ৰান্ত লোকৰ সংখ্যা

মৰিগাঁও, ১২ মে': মৰিগাঁৱত দৈনিক ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰিছে ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা । সমান্তৰালকৈ বৃদ্ধি পাইছে ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও । মঙলবাৰেও জিলাখনৰ এগৰাকী ব্যাক্তিয়ে ক'ভিডত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱায় । ইয়াৰ পিছতে জিলাখনত পাঁচ জনলৈ বৃদ্ধি পায় মৃত্যু হোৱা লোকৰ সংখ্যা ।

ইফালে, মৰিগাঁৱৰ বিভিন্ন ক'ভিড পৰীক্ষা কেন্দ্ৰত ১৫৩৩ গৰাকী লোকৰ ক'ভিড-১৯ পৰীক্ষা সম্পন্ন কৰা হয় । ইয়াৰে ৯৭ গৰাকীৰ দেহত ধৰা পৰে ক'ভিডৰ অৱস্থিতি । ফলত মঙলবাৰলৈ মৰিগাঁৱত ক'ভিড ৰোগীৰ সংখ্যা ১,৭২১ জনলৈ বৃদ্ধি হয় ।

1 এপ্ৰিলৰ পৰা 11 মে’ পৰ্যন্ত জিলাখনত মুঠ ৫০৭৮৫ গৰাকীৰ ৰেপিড এন্টিজেন পৰীক্ষা (RAT) সম্পন্ন কৰা হৈছে । জিলা স্বাস্থ্য বিভাগৰ তথ্য মতে, মঙলবাৰলৈ মুঠ ৮৫০ গৰাকীক ক'ভিড মুক্ত বুলি ঘোষণা কৰিছে । ইয়াৰে মঙলবাৰৰ দিনটোতে চিকিৎসাধীন হৈ থকা ২০২ গৰাকীক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে ।

আনহাতে, হোম আইছলেশ্যনত আছে ৮০৫ গৰাকী ৰোগী আৰু চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৬২ গৰাকী । মঙলবাৰে ৰেপিড এন্টিজেন টেষ্টৰ হাৰ ৬.২ শতাংশ । আনহাতে, ৰেপিড+আৰ টি পি ছি আৰৰ হাৰ ৩.৩ শতাংশ বুলি সদৰি কৰে জিলা স্বাস্থ্য বিভাগে ।

লগতে পঢ়ক: বিহালীত বাঘৰ আতংক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.