ETV Bharat / state

মৰিগাঁৱৰ চাহ বাগিছাত কৰ’ণা বিৰোধী সজাগতা - মৰিগাঁৱৰ মানসিক স্বাস্থ্য বিভাগ

মৰিগাঁও জিলাৰ মানসিক স্বাস্থ্য বিভাগৰ উদ্যোগত গোপাল কৃষ্ণ চাহ বাগিছা চিকিৎসালয় আৰু শ্ৰমিক ইউনিয়নৰ সহযোগত বৃহস্পতিবাৰে গোপাল কৃষ্ণ চাহবাগিছাৰ কেইবাশতাধিক শ্ৰমিকৰ মাজত আগবঢ়োৱা হয় কৰ’ণা বিৰোধী প্ৰথম সজাগতামূলক পদক্ষেপ । মহামাৰী কৰ'ণাৰ পৰা ৰক্ষা পাবলৈ কেনেদৰে মানসিকভাৱে শক্তিশালী হ’ব লাগে সেই বিষয়ে উপদেশ দিয়ে চিকিৎসা কৰ্মীসকলে ৷

মৰিগাঁৱৰ চাহ বাগিছাত কৰ’ণা বিৰোধী সজাগতা

author img

By

Published : May 29, 2020, 10:49 AM IST

মৰিগাঁও, 29 মে’: প্ৰথমবাৰৰ বাবে মৰিগাঁৱৰ মানসিক স্বাস্থ্য বিভাগৰ উদ্যোগত গোপাল কৃষ্ণ চাহ বাগিছাৰ শ্ৰমিক-মজদুৰসকলৰ মাজত গ্ৰহণ কৰা হৈছে কৰ'ণা বিৰোধী সজাগতামূলক পদক্ষেপ। বৃহস্পতিবাৰে মৰিগাঁও জিলা অসামৰিক চিকিৎসালয়ৰ মানসিক চিকিৎসক ডাঃ জয়ন্ত দত্ত, মনস্তাত্বিক বিশেষজ্ঞ নিমিষা বড়াৰ নেতৃত্বত কেইবা শতাধিক চাহ শ্ৰমিকৰ মাজত মানসিক ৰোগ আৰু কৰ'ণাৰ বিষয়ে সজাগতা আগবঢ়োৱা হয় । বিশেষকৈ গোপাল কৃষ্ণ চাহবাগিছাৰ চিকিৎসালয়ৰ চিকিৎসক, নাৰ্চ, মজদুৰ ইউনিয়নৰ বিষয়ববীয়াসকলৰ সহযোগত বাগিছাৰ মাজলৈ গৈ কৰ্মস্থলীত আগবঢ়োৱা হয় সজাগতা ।

মৰিগাঁৱৰ চাহ বাগিছাত কৰ’ণা বিৰোধী সজাগতা

লগতে, মহামাৰী কৰ'ণাৰ পৰা ৰক্ষা পাবলৈ কেনেদৰে মানসিকভাৱে শক্তিশালী হ’ব লাগে সেই বিষয়ে মত দাঙি ধৰে মনস্তাত্বিক বিশেষজ্ঞ নিমিষা বড়াই ৷ সমান্তৰালভাৱে বাগিছাৰ ভিতৰত সজাগতা সৃষ্টিৰ লগতে বাগিছাৰখনৰ চিকিৎসালয়ত বহুকেইজন ৰোগীৰ স্বাস্থ্যৰ পৰীক্ষা কৰি বিনামূলীয়াকৈ বিতৰণ কৰে প্ৰযোজন ঔষধ-পাতি । আনহাতে, বাগিছাখনৰ মজদুৰ ইউনিয়নৰ উপসভাপতি অতুল মাঝি আৰু উপ পৰিচালক সীতাংশু দেৱনাথৰ উপৰিও চাহ শ্ৰমিকসকলে চৰকাৰী সকলো নিৰ্দেশনা মানি বাগিছাত কাম কৰা বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: "আপদা সেৱা সদেৱ": ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীৰ এক চমু অৱলোকন !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.