ETV Bharat / state

তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

মৰিগাঁৱৰ স্কুল খেলপথাৰত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ৰাইজক বিজেপি দলক জয়যুক্ত কৰাৰ আহ্বান জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ উক্ত সভাত উপস্থিত থাকে বটদ্ৰবাৰ বিধায়িকা তথা জনপ্ৰিয় অভিনেত্ৰী আঙুৰলতা ডেকা ৷

author img

By

Published : Dec 14, 2020, 10:47 PM IST

cm-sarbanada-sonowal-campaining-for-tiwa-autonomus-council-election-at-morigaon
মৰিগাঁৱত তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

মৰিগাঁও,14 ডিচেম্বৰ : বিটিচি নিৰ্বাচন অন্ত পৰাৰ পাছতে এতিয়া তুংগত উঠিছে তিৱা স্বায়ত্বশাসন পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ ৷ তিৱা স্বায়ত্বশাসিত পৰিষদৰ বাবে বিভিন্ন প্ৰাৰ্থীয়ে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰখাৰ সময়তে সোমবাৰে মৰিগাঁৱত উপস্থিত হৈ 17 গৰাকী মনোনীত প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ মৰিগাঁৱৰ স্কুল খেলপথাৰত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ৰাইজক বিজেপি দলক জয়যুক্ত কৰাৰ আহ্বান জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

ইফালে উক্ত সভাত উপস্থিত থাকি বটদ্ৰবাৰ বিধায়িকা তথা জনপ্ৰিয় অভিনেত্ৰী আঙুৰলতা ডেকাই গীত গাই, উদাত্ত কণ্ঠৰে হাজাৰ হাজাৰ সমৰ্থকক ভোট দিবলৈ আহ্বান জনায় ৷ ইয়াৰ ওপৰিও উক্ত সভাতে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু জাগীৰোডৰ বিধায়ক তথা অসম চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী পীয়ূষ হাজৰিকা উপস্থিত থাকি নিৰ্বাচনী ভাষণ ৰাখি বিৰোধী দলক সমালোচনা কৰি সকলো প্ৰাৰ্থীকে জয়যুক্ত কৰিবলৈ আহ্বান জনায় ৷

উল্লেখযোগ্য যে, এই বিশাল নিৰ্বাচনী সভাতে 4 নং গোভা পৰিষদীয় সমষ্টিত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হোৱা প্ৰাৰ্থী গৰাকীক মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাইজৰ সন্মুখত চিনাকী কৰাই দিয়াৰ লগতে বিজেপিৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়োৱা আটাইকেই গৰাকীকে চিনাকী কৰাই দিয়ে ৷ ভাষণ প্ৰসংগত মন্ত্ৰী গৰাকীয়ে কয় যে, এইখন চৰকাৰক অসমৰ ৰাইজে আস্থা আৰু বিশ্বাসত লৈ বিটিআৰত বিজেপি চৰকাৰ গঠন কৰালে আৰু তিৱা স্বায়ত্বশাসিত পৰিষদতো চৰকাৰ গঠন কৰাব ৷

লগতে পঢ়কঃ লুৰিণ জ্যোতি গগৈয়ে ব’ঠা ধৰিব নেকি অসম জাতীয় পৰিষদৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.