মৰিগাঁও, 24 অক্টোবৰ : মৰিগাঁৱত নাও খেলৰ উলাহ । সাতাম পুৰুষীয়া নাও খেলৰ বাবে মৰিগাঁৱৰ নেলীত মূলাধাৰী বিলৰ পাৰত সমবেত হ‘ল হাজাৰ হাজাৰ লোক । প্ৰতিযোগী নাও দলো আহিল বহুকেইখন । খেল আৰম্ভ হ’ল ৷ গীতৰ তালে তালে খৰকৈ ব’ঠা মাৰি নাও আগবঢ়াই নিছে নাৱৰীয়াই । পাৰত দৰ্শকৰ উচাহ ৷
কিন্তু পৰিতাপৰ কথা যে, প্ৰতিযোগী সকলৰ মাজত নাই কোনো ক’ভিড প্ৰট’কল । পাৰত থকা সমিতিৰ কাৰ্যকৰ্তা সকলৰো একেই অৱস্থা । আনহে নালাগে দৰ্শকৰ মাজতো নাই কোনো সজাগতা ৷ খেলৰ উচাহতে যেন সকলো পাহৰিলে আয়োজক-দৰ্শকে ৷
লগতে পঢ়ক : নগাঁৱৰ হুজ ৰঙাগড়া পঞ্চায়তত ড্ৰাগছ আসক্ত যুৱকৰ তাণ্ডৱ