মৰিগাঁও,24জুনঃ মৰিগাঁৱৰ মৈৰাবাৰী থানাৰ অন্তৰ্গত লোচনাবৰীত গাঁৱত প্ৰচণ্ড গৰমৰ বাবেই সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা । সলিল সমাধি ঘটিল ফুলকুমলীয়া শিশু ভাতৃ-ভগ্নীৰ। প্ৰচণ্ড গৰম সহিব নোৱাৰি ওচৰতে থকা এটা পুখুৰীত গা ধোবলৈ গৈছিল গাওঁখনৰে শ্বহিদুল ইছলামৰ পুত্ৰ তাৰিকুল ইছলাম নামৰ ৮ বছৰীয়া শিশুটি । আনহাতে তাৰিকুলক পানীত ককবকাই থকা দেখা পাই ৭ বছৰীয়া ভনীয়েক ছুমাইয়াই ককাইয়েকক বচাবলৈ পুখুৰিত নামি দুইটাই একেলগে মৃত্যুক সাবটি ল'বলগীয়া হয় ।
ইপিনে কিছু সময় পিছতেই স্থানীয় ৰাইজে দুয়োকে পানীত ওপঙি থকা প্ৰত্যক্ষ কৰে আৰু পুখুৰীৰ পৰা উদ্ধাৰ কৰি মৈৰাবাৰী এফ আৰ ইউলৈ আনে যদিও চিকিৎসকে দুয়োকে মৃত বুলি ঘোষণা কৰে । এই ঘটনাই সমগ্ৰ মৈৰাবাৰী অঞ্চলতে শোঁকৰ ছা পেলাইছে ৷
লগতে পঢকঃ গোৰেশ্বৰৰ উত্তৰ চেউনী নামঘৰত চোৰৰ চাফাই অভিযান