ETV Bharat / state

Congress Vs BJP: চকুৰে সৰিয়হ ফুল দেখিছে বিজেপিয়ে; সাংসদ প্ৰদ্যুতৰ শক্তিশেল মন্ত্ৰী পীযুষলৈ

পুনৰ মন্ত্ৰী পীযুষ হাজৰীকাক কঠোৰ সমালোচনা সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ৷ ‘‘বিজেপিয়ে চকুৰে সৰিয়হ ফুল দেখিছে ৷ ক্ষমতাই মূৰত ধৰিলে যি কোনো কথা ক’ব পাৰে ৷’’

author img

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 10:37 AM IST

Updated : Sep 27, 2023, 11:09 AM IST

MP Pradyut Bordoloi
MP Pradyut Bordoloi Slams Congress
সাংসদ প্ৰদ্যুতৰ শক্তিশেল মন্ত্ৰী পীযুষলৈ

মৰিগাঁও, 27 ছেপ্টেম্বৰ : ‘24ত চৰকাৰ কোনে গঠন কৰিব ! আৰম্ভ হৈছে জল্পনা-কল্পনা ৷ অলপ চেষ্টা কৰিলে কংগ্ৰেছক শেষ কৰিব পাৰিব বুলি মন্ত্ৰী পীযুষ হাজৰীকাই কৰা মন্তব্যক পুনৰ প্ৰতুত্ত্যৰ দিলে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷ তেওঁ কয়, ‘‘বৰ্তমান ৰাজনৈতিকভাৱে সফল হোৱাৰ ক্ষেত্ৰত কংগ্ৰেছৰ যি অৱদান সেয়া কিয় পাহৰি গৈছে মন্ত্ৰী পীযুষ হাজৰীকাই ৷ ক্ষমতাৰ বাবে সকলো পাহৰি গৈ কংগ্ৰেছ দলক উচ্ছন্ন কৰিব বুলি কোৱা কথাটো হাঁহি উঠাৰ বাদে একো নহয় ৷’’

মন্ত্ৰী পীযুষক সমালোচনা কৰি সাংসদ বৰদলৈয়ে পুনৰ কয়, ‘‘ক্ষমতাই মূৰত ধৰিছে ৷ তেওঁ ক্ষমতাৰ বাবে সকলো পাহৰি গৈছে ৷ মনত ৰখা উচিত এসময়ত তেওঁ কংগ্ৰেছ দলৰ আছিল ৷ যেতিয়া দলৰ বিপদ অহা বা নিজৰ কেৰিয়াৰৰ প্ৰতি ভাবুকি আহে আৰু পদবী পোৱাৰ আশাত বেলেগ এটা দললৈ যায় ৷ ৰাইজে সিদ্ধান্ত ল’ব কাক নিচ্ছিন্ন কৰিব ! তেওঁ সামান্য নৰমনিচ হে ৷ কেনেকৈ পাতাললৈকে শিপাই থকা কংগ্ৰেছ শিপা উঘালিব পাৰিব !’’

‘‘কংগ্ৰেছ মুক্ত ভাৰত গঢ়িবলৈ গৈ কংগ্ৰেছৰ আতংকত ভুগিছে বিজেপিয়ে ৷ যেনেকৈ জলাতংক বেমাৰ হয় তেনেকৈ কংগ্ৰেছাতংকত ভুগিছে বিজেপিয়ে ৷ সেয়ে দেশৰ নামেই সলনি কৰিছে ৷ তেওঁলোকে চকুৰে সৰিয়হ ফুল দেখিছে ৷ কংগ্ৰেছক কোনেও আঁতৰাব নোৱাৰে ৷ কংগ্ৰেছ দল ভাৰতৰ সত্তা ৷’’

আনহাতে মঙলবাৰে মৰিগাঁও জিলা কংগ্ৰেছ ভৱনত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিধায়ক ৰকিবুল হুছেইনৰ লগতে কেইবাজনো নেতাই ৷ মুখ্যমন্ত্ৰী আৰু মৌলনা বদৰুদ্দিন আজমলৰ সম্পৰ্কৰ সন্দৰ্ভত বিধায়ক ৰকিবুল হুছেইনে কয়, ‘‘মানুহে পাহৰি যোৱা নাই ৷ অসমত আজমলৰ লগত প্ৰথম মিতিৰালি কৰিছিলে বিজিপিয়ে ৷ মূৰটো বালিত সুমুৱাই গাটো উলিয়াই আছে সেয়া ৰাইজে দেখা নাই বুলি ভাবে ৷ কিন্তু ৰাইজে সকলো দেখিছে ৷ এইবাৰ ৰাইজে এ আই ইউ ডি এফক প্ৰত্যাখান কৰিব ৷ সেই কথা গম পাইছে ৷ সেয়ে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিবলৈ এ আই ইউ ডি এফ এবাৰ বিহাৰ, এবাৰ মুম্বাই, এবাৰ নীতিশ কুমাৰৰ ওচৰলৈ গৈছে ৷’’

লগতে পঢ়ক:MP Pradyut Bordoloi: ক্ষুদ্ৰ নৰমনিচে উঘালিব নোৱাৰে পাতাললৈকে থকা কংগ্ৰেছৰ শিপা; প্ৰদ্যুৎ বৰদলৈ

Last Updated : Sep 27, 2023, 11:09 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.